
ডিব্ৰুগড়ঃ আমচাঙত যি হৃদয় বিদাৰক উচ্ছেদ কাৰ্য চলিল সেই কাৰ্যক ভাৰতৰ ছাত্ৰ ফেডাৰেছন আৰু মটক যুৱ-ছাত্র পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছে। কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চলোৱা এই উচ্ছেদ সঁচা অৰ্থত অমানৱীয়। এই উচ্ছেদিত ঠাইত বহু ছাত্ৰ-ছাত্ৰী আছে, ইয়াৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীও আছে।
উল্লেখযোগ্য যে ১৯৯৩ চনতে ৰাইজে স্থাপন কৰা 'জনশিমলু উচ্চ ইংৰাজী বিদ্যালয়খনত ভূমি সম্পৰ্কীয় চৰকাৰী নথি-পত্ৰ থকা স্বত্বেও ভাঙি পেলালে প্ৰশাসনে। বৰ্তমান বিদ্যালয়খনত ২৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰত হৈ আছে তাৰে ভিতৰত ৪১ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী। উক্ত পৰীক্ষাত অৱতীৰ্ণ হবলগা ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নপত্ৰ, পূৰ্বে মেট্ৰিক ত পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ ধ্বংসস্তুপৰ মাজত সোমাই পৰিল। অন্ধকাৰময় হৈ পৰিল বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত৷
ইয়াৰ উপৰিও উচ্ছদিত বহু ছাত্ৰ-ছাত্ৰী মহাবিদ্যালয়ত অধ্যয়নৰত আৰু বৰ্তমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰীক্ষাসমূহো চলি আছে। এনে কাৰ্যই তেওঁলোকৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ। পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে বহুতৰ শিক্ষা জীৱন অন্ত পৰাৰো আশংকা আছে। সেয়েহে এনে প্ৰেক্ষাপটত এছ এফ আই য়ে আজি কামৰূপ(মহানগৰ) উপায়ুক্ত মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰি দাবী কৰে যে বিকল্প ব্যৱস্থা নোহোৱালৈ উচ্ছেদ বন্ধ ৰাখক।
উচ্ছেদিত ছাত্ৰ-ছাত্ৰীক সাহাৰ্য প্ৰদান আৰু তেওঁলোকৰ ভৱিষ্যতৰ শিক্ষাৰ দায়িত্ব গ্ৰহণৰ বাবেও চৰকাৰলৈ দাবী জনায়। জনশিমলু উচ্চ ইংৰাজী বিদ্যালয়খন পুনৰ স্থাপনৰ ব্যৱস্থা কৰাৰ লগতে তাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা বৰ্ষ যাতে নষ্ট নহয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। মহকুমাধিপতি(সদৰ) নিবেদন দাস পাটোৱাৰীয়ে স্মাৰকপত্ৰ খন গ্ৰহণ কৰি আশ্বাস দিয়ে যে অতি শীঘ্ৰে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
অন্যহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এছ এফ আই, ছাত্ৰ মুক্তি, টি এম পি কে আদি সংগঠনৰ উদ্যোগত এই অমানৱীয় উচ্ছেদ কাৰ্য্যসূচী স্থগিত ৰখাৰ বাবে সন্ধিয়া বিশ্ববিদ্যালয় শাখাৰ তৰফৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল কিন্তু প্ৰশাসনে দমনমূলক নীতিৰে এই অনুষ্ঠান পতাত বাধা প্ৰদান কৰে আৰু কেইবাজনো কৰ্মীক আটক কৰে৷