শিৱসাগৰৰ বিশিষ্ট অধিবক্তা, অভিনেতাৰ মৃত্যু

শিৱসাগৰঃ শিৱসাগৰৰ বিশিষ্ট অধিবক্তা, অভিনেতা, সুঘোষক প্ৰশান্ত প্ৰতিম শৰ্মাই ৫১ বছৰ বয়সত অাজি শিৱসাগৰৰ অাদিত্য হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।

শিৱসাগৰৰ অামোলাপট্টিৰ বাসিন্দা শৰ্মা শিৱসাগৰৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰতভাৱে জড়িত শৰ্মাৰ মৃত্যুত সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদ, অসম সাংস্কৃতিক মহাসভা, শিৱসাগৰ প্ৰেছ ক্লাৱ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, শিৱসাগৰ উকিল সন্থা, শিৱসাগৰ বাৰ এচ’ছিয়েচন, শিৱসাগৰ জিলা ছাত্ৰ সন্থাকে ধৰি শিৱসাগৰৰ বিভিন্ন সদল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷