লিডুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ

লিডুঃ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী প্ৰতিবাদৰ ঢৌ৷ বিভিন্ন অ-ৰাজনৈতিক দল সংগঠন সমূহে প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে গনতান্ত্ৰিক প্ৰতিবাদ৷ শনিবাৰে টাই আহোম যুৱ পৰিষদে আহবান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত লিডুত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহেৰে সংগঠনটোৱে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে কলা পতাকা লৈ প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি গ’ বেক, সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে বিধেয়কখনৰ বিৰোধিতা কৰে৷ 

এই ক্ষেত্ৰত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই জাতিধ্বংসী এই বিধেয়ক গৃহীত কৰিলে চৰকাৰে পৰৱৰ্তী সময়ত ভয়ঙ্কৰ পৰিনামৰ সন্মুখীন হ’ব বুলি সংবাদ মাধ্যমক উল্লেখ কৰাৰ লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যি হিতলাৰী শাসন তাক অসমৰ সাধাৰণ ৰাইজে কেতিয়াও মানি নলয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ 

উল্লেখ্য যে, অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক বিমল সিঙে জাতিধ্বংসী এই বিধেয়কখন যিকোনো পৰ্যায়ত গৃহিত হবলৈ দিয়া নহ’ব প্ৰয়োজন সাপেক্ষে চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ কঠোৰ অ-গনতান্ত্ৰিক পদক্ষেপ গ্ৰহণ কৰিবলৈও সংগঠনটো সাজু থকা বুলি হুংকাৰ প্ৰদান কৰে৷