লালুকত অসম লেখিকা সমিতিৰ সমাৰোহ

লালুকঃ চলিত বৰ্ষৰ লেখিকা সমাৰোহ সমিতিৰ হিতৈষী সভ্যা সমাৰোহ অনুস্থিত হয় লালুকত৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লালুক শাখাৰ সহযোগত লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে আজীৱন সভ্যা আৰু হিতৈষী সভ্যা সমাৰোহ অনুষ্ঠিত হয়৷

পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পাছতেই জিলা খনৰ বিভিন্ন শাখাৰ সদস্যৰ উপস্থিতিত আজীৱন সভ্যা আৰু হিতৈষী সমাৰোহৰ কাৰ্যসূচী আগবাঢ়ে৷ সমাৰোহত সভানেত্ৰীত্ব কৰে জিলা শাখাৰ সভানেত্ৰী স্বপ্না চেতিয়া গগৈয়ে৷ সমাৰোহৰ সভাখনি উদ্বোধন কৰে জিলা সমিতিৰ উপ সভানেত্ৰী চন্দিকা দত্ত কোঁৱৰে৷

জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মৰমী হাজৰিকাই আঁতধৰা সভাত জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী আৰতি গোহাঞি দুৱৰা, দীপাঞ্জলী দত্ত, ক্ষীৰপ্ৰভা হাজৰিকা, সুপ্ৰভা মেধী, ঊষা বুজৰবৰুৱাক ‘প্ৰেৰণাময়ী’ উপাধি প্ৰদান কৰে৷ উক্ত সভাতেই সাংবাদিক পেঞ্চনাৰ প্ৰাপ্ত সাংবাদিক নিৰুপমা বৰাক সৰ্ম্বদ্ধনা জনায়৷

আনহাতে লেখিকা সমাৰোহৰ লগত সংগতি ৰাখি লালুক শাখাই লক্ষীপ্ৰভা গগৈ বৰপাত্ৰই সম্পাদনা কৰা মূখপত্ৰ "নবৰূপা" (প্ৰথম সংখ্যা) উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা জয়া সেনাপতিয়ে৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত লক্ষী প্ৰভা গগৈ বৰপাত্ৰৰ সংকলিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জীৱন চৰিত উন্মোচন কৰে জিলা সমিতিৰ সভানেত্ৰী স্বপ্না চেতীয়া গগৈয়ে৷ বিয়লি অন্তৰঙ্গ আলাপ অনুষ্ঠানত জিলা শাখা সমিতিৰ সদস্যা সকলে কবিতা আবৃত্তি আৰু নিজৰ নিজৰ লেখকজীৱনৰ অভিজ্ঞতা প্ৰকাশ কৰে৷