নাহৰফুটুকী হত্যা কৰি বীৰত্ব, আৰক্ষীৰ লোক সহ আহত ১৩ জন

ফাইল ফটো
ফাইল ফটো

যোৰহাট/মৰিয়নীঃ দেওবাৰে পুৱাৰে পৰা যোৰহাটত নাহৰফুটুকীৰ আতংকই উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে একাংশ লোকে খেদি খেদি নাহৰফুটুকী হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত আছে৷ জানিব পৰা মতে, যোৰহাট গায়ন গাঁৱত যোৱা কিছুদিন ধৰি এটি নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছিল। তাৰ পিছতেই দেওবাৰে পুৱাই ভোগদৈ নৈত গা-ধুবলৈ যোৱা কেইজনমান লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে৷

কিছু সময় পিছতেই গাঁয়ন গাঁৱত বাঘে মানুহক আক্ৰমণ কৰাৰ খবৰ প্ৰচাৰ হয়৷ খবৰ লাভ কৰিয়েই একাংশ লোক উত্তেজিত হৈ পৰে৷ উত্তেজিত হৈ পৰা লোকসকলে হাতে হাতে লাঠি-জোং লৈ ওলাই আহে৷ নৈৰ পাৰ চলাধ কৰি নাহৰফুটুকী বিচাৰি থাকোতেই নাহৰফুটুকীয়ে জংঘলৰ পৰা ওলাই কেইবাগৰাকী লোকক আক্ৰমণ কৰে৷ তাৰ পিছতেই নাহৰফুটুকীৰ সৈতে কেইবাগৰাকী লোকৰ যুদ্ধ হয়৷

আক্ৰমণ-প্ৰতিক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয়৷ প্ৰথমে অৱস্থাত নাহৰফুটুকীটোৱে পলায়ণ কৰে যদিও প্ৰায় আধাঘন্টা পিছতেই সামন্য জংঘলত লুকাই থকা নাহৰফুটুকীটোক খেদি খেদি হত্যা কৰি একাংশ লোকে বীৰত্ব প্ৰদৰ্শন কৰে৷ বাঘটোৰ আক্ৰমণত আহত হয় ১১জন লোক।

ইয়াৰ ভিতৰত দুজন আৰক্ষীৰ লোক। আহত লোককেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই ৰাইজে। হৰফুটুকীটোক কাজিৰঙাৰ পৰা অহা বন বিভাগৰ দলে ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলাই যদিও একাংশ লোকে হত্যা কৰিহে এৰে৷ নাহৰফুটুকীটোৰ আক্ৰমণত মোলান দত্ত আৰু তৰুণ গগৈ নামৰ দুজন আৰক্ষী আহত হয়। নাহৰফুটুকীটোৰ আক্ৰমণত ভাইকন বৰা, ৰবীন বৰা, দ্বীপেন বৰা, প্ৰসেনজিৎ বৰা উজ্জ্বল হাজৰিকা, পৰশমনি আৰু উৎপল হাজৰিকা আহত হয়৷