
নামতিঃ সমগ্র দেশৰ লগতে অসমৰো বিভিন্ন পূজা মণ্ডপত দেৱী দর্শনৰ বাবে ভিৰ লগাইছে হাজাৰ হাজাৰ লোকে। কিন্তু আজি তাৰ এক বিপৰীত ছবি প্রতিফলিত শিৱসাগৰ জিলাত। জিলাখনৰ মগৰাহাট আইবিল হাবিত এতিয়া শতাধিক লোকে এটা নাহৰফুটুকী চাবৰ বাবেই লগাইছে ভিৰ। কিয়নো বিগত এটা বছৰে অঞ্চলটোৰ ৰাইজৰ নিদ্রাহৰণ কৰি অহা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হ’ল।
স্থানীয় লোকৰ পৰা জানিব পৰা মতে, অঞ্চলটোত বাৰটাতকৈও অধিক গৰু, সাতটা ছাগলী আৰু কুকুৰ ভক্ষণ কৰাৰ লগতে এজন স্থানীয় লোকক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰিছিল বাঘটোৱে৷ বিগত এটা বছৰে অঞ্চলটোত সন্ত্ৰাস চলাই অহা বাঘটোৰ পিঞ্জৰাবদ্ধ কৰিবৰ বাবে বনবিভাগৰ লোকক অনুৰোধ কৰি আহিছিল স্থানীয় লোকে।
অৱশেষত বনবিভাগৰ লোকে স্থাপন কৰা পিঞ্জৰাত বুধবাৰে নিশা আবদ্ধ হয় বাঘটো। ইফালে, প্ৰায় দহ বছৰীয়া ছয়ফুট দীঘল নাহৰফুটুকী বাঘৰ ফটো লবলৈ হেতা ওপৰা লগাইছে ৰাইজে। স্থানীয় লোকৰ মতে অঞ্চলটোত আৰু কেইবাটাও নাহৰফুটুকী বাঘে বিচৰণ কৰি আছে৷ শীঘ্ৰেই বাঘকেইটা পিঞ্জৰাবদ্ধ নকৰিলে অঞ্চলটোত অধিক ক্ষয় ক্ষতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰিছে স্থানীয় ৰাইজে৷