মানুহৰ বুদ্ধিৰ সন্মুখত মানিলে হাৰ, বন বিভাগৰ পিঞ্জৰাত সোমাল নাহৰফুটুকী

newsnextone.com | কাজিৰঙাঃ ছাগলীৰ মঙহৰ লোভত আৰু মানুহৰ বুদ্ধিৰ সন্মুখত হাৰ মানিলে বনৰ ৰজাই৷ অৱশেষত পিঞ্জিৰাত সোমাল নাহৰফুটুকী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বোকাখাতৰ ডিফলু চাহ-বাগিচাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা মতা নাহৰফুটুকী মঙলবাৰে নিশা পিঞ্জিৰাবদ্ধ হয়। বনবিভাগে পতা জালত ছাগলীৰ লোভ সামৰিব নোৱাৰি সোমাই মানুহৰ বুদ্ধিৰ সন্মুখত হাৰ মানে নাহৰফুটুকীটোৱে৷ 

উল্লেখ্য যে, বোকাখাতৰ ডিফলু চাহ-বাগিচাত নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ নাহৰফুটুকীটোক খেদি পঠাবলৈ নতুবা পিঞ্জৰাত আবদ্ধ কৰিবলৈ ৰাইজে বন বিভাগক দাবী জনাই আহিছিল৷ অভিযোগ মতে, দীৰ্ঘ দিনৰ পৰাই ডিফলু চাহ-বাগিচা এলেকাত গৰু, ছাগলী, গাহৰি, হাঁহ, কুকুৰা ভক্ষণ কৰি অঞ্চলটোৰ ৰাইজৰ নিদ্ৰাহৰণ কৰিছিল নাহৰফুটুকীটোৱে। ডিফলু চাহ-বাগিচাৰ ৰাইজ শংকাৰ মাজত দিন অতিবাহিত কৰিছিল৷ বনবিভাগক নাহৰফুটুকীটোৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাইছিল৷

বোকাখাত খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীয়ে বাগিচাখনত উপস্থিত হৈ নাহৰফুটুকীটোক খেদিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। অৱশেষত বাগিচাখনত বনবিভাগে এটা পিঞ্জৰা বহুৱাই নাহৰফুটুকীটোক আৱদ্ধ কৰাৰ চেষ্টা চলাই৷ মঙলবাৰে বন বিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এই নাহৰফুটুকীটো। নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে বহু লোকে নাহৰফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ অহা পৰিলক্ষিত হয়৷

পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা পশু চিকিৎসকৰ এটা দল উপস্থিত হৈ নাহৰফুটুকীটোৰ ট্ৰেংকুলাইজ কৰি এখন ট্ৰেক্টৰত ভৰাই পিঞ্জৰা সহ নাহৰফুটুকীটো পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়ে। কিছুদিনৰ পিছতেই বাঘটো পুনৰ অৰণ্যত মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগে।