ৰাইদঙীয়াৰ আইলক্ষী পহুকটা পুথিভড়ালৰ প্ৰতিষ্ঠা দিৱস পালন

জাজৰিঃ ৰাইদঙীয়াৰ আইলক্ষী পহুকটা পুথিভড়ালৰ ৬৬সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা দেওবাৰ আৰু সোমবাৰে অনুষ্ঠিত হৈ যায়৷ দেওবাৰে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰাৰ পিছতে চিত্রাংকন, কুইজ প্ৰতিযোগিতাৰ লগতে শিশুসকলৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়৷

নিশা ৮বজাত নাট্যকাৰ অভিজিৎ ভৰ্ট্টাচাৰ্যৰ জনপ্ৰিয় নাটক "ভুল নুবুজিবা ভূপেন দা" মঞ্চস্থ কৰা  হয়। সোমবাৰে ২ বজাত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি শৈলেন শইকীয়াৰ সঞ্চালনাত "গ্ৰাম্যপুথিভড়াল সাহিত্য, সংস্কৃতি ইত্যাদি" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আলোচনা চক্ৰত কবি ডাঃ প্ৰয়াগ শইকীয়া, বিশিষ্ট সমালোচক ড০ ভদ্ৰকান্ত বৰা, অধ্যক্ষা দিপ্তী বৰা উপস্থিত থাকে। প্ৰতিষ্ঠাদিৱসৰ স্মৃতিগ্ৰন্থ "প্ৰজ্ঞা পহুকতা" উন্মোচন কৰে সমাজকৰ্মী হেমচন্দ্ৰ ৰাজখোৱাই। অনুষ্ঠানতেই অঞ্চলটোৰ কৃতী ছাত্র-জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনাই পুথিভড়াল কৰ্তৃপক্ষই৷