
খেৰণিঃ সকলো বাধাৰ প্ৰাচীৰ ভাঙি জীৱন সংগ্ৰামত ব্ৰতি হৈ শলাগ বুটলিবলৈ সক্ষম হোৱা পশ্চিম কাৰ্বি আংলঙৰ মুগাচং গাঁৱৰ নাৰায়ণ ভাণ্ডাৰী। মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ ফলতেই কথা কোৱাৰ অসুবিধা, দৃষ্টিহীন অৱস্থাত আৰু কাণেৰে শুনা শক্তি হেৰুৱাই পেলায়।
প্ৰবল বাধাক প্ৰত্যাহ্বান হিচাপে লৈ লাংফাংকী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা পাতনি মেলা যুৱকজনে এইবাৰ হোজাই কলেজৰ পৰা সু-খ্যাতিৰে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। কবিতা, গল্প, লগতে বিভিন্ন লেখা ভাল পোৱা শাৰীৰিক ভাৱে অক্ষম ছাত্ৰ নাৰায়ণ ভাণ্ডাৰীৰ সপোন আছিল তেওঁৰ নিজৰ গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰাৰ। শেহতীয়াকৈ বাস্তৱত পৰিণত হোৱাৰ পথত অগ্ৰসৰ হৈছে নাৰায়ণ ভাণ্ডাৰী সপোন।
কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নাৰায়ণ ভাণ্ডাৰীৰ লুকাই থকা প্ৰতিভা আৰু ইচ্ছাৰ কথা দৃষ্টিগোচৰ হোৱাত ৮ লাখ টকাৰে নিৰ্মান সম্পূৰ্ণ হোৱাকৈ পুথিভঁৰাল গৃহ নিৰ্মাণৰ বাবে সাহায্য প্ৰদানৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। সেই উদ্দেশ্যে, লাংফাংকীৰ (মূগাছং) লাল প্ৰসাদ ভণ্ডাৰী বাস গৃহত নাৰায়ণ ভণ্ডাৰীৰ প্ৰয়াসত জিপাল হৈ উঠা শিশু পুস্তকালয় হিচাপে জ্যোতি শিশু পুস্তকালয় নামেৰে এখন পুস্তকালয়ৰ শুভ আৰম্ভনি কৰে।
টুমপ্ৰেঙৰ বিশিষ্ট সাহিত্যিক তেজাল টেৰণে শুভ উদ্ধোধন কৰা অনুষ্ঠানত কাট নিউজৰ সাংবাদিক বীৰেন ইংহি, অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰানা কাফ্লে, ৰংখাং শিক্ষা খণ্ডৰ সমন্নয়ক বিষ্ণু নিৰলা প্ৰমুখ্যে লাংফাংকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ উপাধ্যায়ৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য লোক উপস্থিত থাকে৷