ডিগবৈত পাইপ ফুটি নদী বৈছে খাৰুৱা তেলৰ

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিগবৈঃ তিনিচুকীয়া জিলাৰ ডিগবৈত তেলৰ পাইপ ফুটি অহৰহ খাৰুৱা তেল নিৰ্গত হোৱাত আতংকিত হৈ পৰিছে ৰাইজ৷ জানিব পৰা মতে, ডিগবৈ-তিনিচুকীয়া পথত কিছু মামৰণিৰ সমীপত অাই অ চি এ অডি তেল পৰিবাহী পাইপ ফুটি অহৰহ সাৰুৱা তেল নিৰ্গত হৈ অহাৰ খবৰ পোৱা গৈছে।

যাৰ ফলত দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰইজে৷ ইফালে বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বৃহস্পতিবাৰে যেন ধনতেৰাচৰ ধন পোৱাৰ দৰে হে হ’ল ডিগবৈত৷ হাতে হাতে বাল্টি, টিনলৈ তেল ভৰাবলৈ হেতাওপৰা লগোৱা পৰিলক্ষিত হৈছে৷ ফলত অঘটন সংঘটিত হোৱাৰ শংকা প্ৰকাশ কৰিছে একাংশ ৰাইজে। তেল চুৰি চক্ৰই এই কাৰ্য সংঘটিত কৰাৰো অভিযোগ উঠিছে৷