লিডুৰ ৰেলৱে কলনীত পথ দুৰ্ঘটনা, আহত ১

লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোক গুৰুতৰ ভাবে আহত হয়।

লিড়ু আৰক্ষী চকীৰ অন্তৰ্গত লিডু ৰেলৱে কলনীৰ সমীপত লিডু অভিমুখে আহি থকা এএছ-২৩-এচি-০৭৩৪ নম্বৰৰ এখন যাত্ৰীবাহী অ’টক মাৰ্ঘেৰিটা অভিমুখে আহি থকা নম্বৰবিহীন এখন বলেৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত অ’টখনত থকা তপন পাল নামৰ এজন লোক গুৰুতৰ ভাবে আহত হয়।

আহত পালক ততাতৈয়াকৈ মাৰ্ঘেৰিটাৰ ৰনতেক্স চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ পালৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে৷