লিডুত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰদানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

newsnextone.com। লিডুঃ অৰুণাচল,নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰমিত প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেওবাৰে লিডু কলেজ তিনিআলিৰ পৰা বজাৰস্থিত পেট্ৰ’ল পাম্পৰ লৈকে প্ৰায় ১ কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় ঘাইপথেৰে এক জোঁৰ সমদল বাহিৰ কৰে৷

বিগত কিছুদিন ধৰি ধাৰাবাহিক ভাবে প্ৰতিবাদ অব্যাহত ৰখা সংগঠনটোৰ এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই ৷ সংগঠনটোৰ মাঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে একোডালকৈ জলন্ত অগ্নিশিখা প্ৰতিবা দ সাব্যস্ত কৰে৷ সংগঠনটোৱে এই অভিনৱ প্ৰতিবাদেৰে অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী কৰে৷

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন সময়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও চৰকাৰে বিষয়টোৰ ক্ষেত্ৰত আজিকুপতি কোনো ধৰনে বিশেষ গুৰুত্ব আৰোপ নকৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ৷ যাৰ পৰিপেক্ষিতত সংগঠনটোৱে এনেদৰে ধাৰাৱাহিক ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷