নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল দাবীত লিডুত মোডীৰ পুত্তলিকা দাহ

লিডুঃ ৰাজ্যত এতিয়া  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৃষ্টি হৈছে  প্ৰতিবাদৰ ঢৌ৷  যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তৰ সমান্তৰালকৈ শুকুৰবাৰে শিলচৰৰ এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত আগবঢ়োৱা মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ 

'নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ বি জে পি চৰকাৰ বদ্ধপৰিকৰ' বুলি মন্তব্য আগবঢ়োৱাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদৰ জোৱাৰ৷ 

শনিবাৰে অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে৷ সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে লিডুৰ কলেজ তিনিয়ালিৰ ৰাষ্ট্ৰীয় ঘাইপথত বি জে পি চৰকাৰ বেপাৰী, বি জে পি গ' বেক, সৰ্বানন্দ সোণোৱাল মিচলীয়া, বি জে পিৰ কাম নাই, নৰেন্দ্ৰ মোডী হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে৷ 

সংগঠনটোৰ স্পষ্ট মত যে কোনো কাৰণতেই নেৰেন্দ্ৰে মোডীৰ এই সিদ্ধান্ত মানি লোৱা নহ'ব৷ এই ক্ষেত্ৰত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই শাসনৰ বাঘজৰী হাতত লৈ বি জে পি চৰকাৰৰ মতিভ্ৰম হোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে সংশোধনী বিধেয়কখন বাতিল নকৰিলে অনাগত দিনত চৰকাৰে তীব্ৰ গণ আন্দোলনৰ সন্মূখীন হ'বলৈ প্ৰস্তুত থাকক বুলি হুংকাৰ প্ৰদান কৰে৷