
হোজাইঃ পত্নী হত্যাৰ দোষী এগৰাকী লোকক শনিবাৰে যাৱজ্জীৱন কাৰাদণ্ড বিহে হোজাই জিলাৰ আদালতে৷ হোজাই জিলাৰ ডবকাৰ সমীপৰ পূৱ জাৰুনী গাঁৱৰ আব্দুল হাচিবক হোজাইৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে৷ জানিব পৰা মতে, ৩ বছৰ পূৰ্বে তথা ২০১৫ চনৰ চাৰি চেপ্টেম্বৰত পত্নী ৰুকিয়া বেগমক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হয় লোকজনৰ বিৰুদ্ধে৷
হত্যাকাণ্ড সংঘটিত কৰি স্বামী আব্দুল হাচিবে দা’ হাতত লৈ ডবকা থানাত আত্মসমৰ্পন কৰিছিল৷ ৰুকিয়া বেগমৰ ভাতৃ আজিজুৰ ৰহমানে ডবকা থানাত ৩৮১/১৫ নং গোচৰ কৰিছিল৷ গোচৰৰ শুনানীৰ অনন্ত হোজাইৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মহেন্দ্ৰ কলিতাৰ আদালতে আব্দুল হাচিবক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে৷ গোচৰীয়াৰ হৈ আদালতত যুক্তি দিয়ে অধিবক্তা অমৰজ্যোতি শইকীয়াই৷