
বোকাজানঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ সহযোগত দেওবাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়৷ নুমলীগড় শোধানাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত থং নকবে' ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় চকু চিকিৎসা শিবিৰত৷ বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ উদ্ধোধন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে৷
শিবিৰত ১৭১ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰা হয় আৰু ৰোগীসকলক বিনামূলীয়াকৈ ঔষধ আৰু চছমা বিতৰণ কৰাৰ লগতে ২৮ গৰাকী ৰোগীৰ চকুত চানি পৰা ৰোগ ধৰা পৰে আৰু ৰোগীসকলক সম্পূৰ্ণ বিনামূলীয়া চকুৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে যোৰহাট লায়ন্স চকু চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ চিকিৎসকৰ দলটোৱে লগত লৈ অহা বাছত ৰোগীসকলক যোৰহাটলৈ লৈ যোৱাৰ লগতে অস্ত্ৰোপচাৰৰ পাছত ৰোগীসকলক বিনামূলীয়া চছমা, ঔষধ প্ৰদান কৰি মঙলবাৰে ঘৰত থৈ যোৱাৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ লগতে যোৰহাট লায়ন্স চকু চিকিৎসালয়ত থকাৰ সময়ত এইসকল ৰোগীৰ সম্পূৰ্ণ বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰিছে বুলি সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে জানিবলৈ দিয়ে৷
বিগত ১৯৯৭ চনৰ পৰা বৰ্তমানলৈকে যোৰহাট লায়ন্স চকু চিকিৎসালয়ে বিনামূলীয়াকৈ ৩০,০০০ ৰোগীক চকুত চানি পৰা ৰোগৰ অস্ত্ৰোপ্ৰচাৰ কৰি চিকিৎসা প্ৰদান কৰাৰ লগতে বিগত বৰ্ষত ৪,৫০০ ৰোগীৰ এই অস্ত্ৰোপচাৰ কৰে আৰু প্ৰতি দেওবাৰে অসমৰ বিভিন্ন প্ৰান্তত যোৰহাট লায়ন্স চকু চিকিৎসালয়ে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে বুলি কয় সমন্বয়কগৰাকীয়ে৷ চকু চিকিৎসা শিবিৰত যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ ডাঃ বিকাশ সাহা, চিকিৎসা কৰ্মী ভানু প্ৰতাপ বিষ্ট, মাইনু গগৈ, ভানু বৰা আৰু বন্দিত বৰপাত্ৰই সহযোগিতা কৰে৷ চকু চিকিৎসা শিবিৰৰ সফলভাবে সম্পন্ন হৈ যোৱাত যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু লায়ন্স চকু চিকিৎসালয়ৰ সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে৷