ভোগালীত বৰালি, চিতলক পাই পিঠি দিলে থলুৱা পুঠি-খলিহনা, কাৱৈক

নগাওঁঃ গ্ৰাম্য অঞ্চলৰ বিল, খাল, পুখুৰী পথাৰত পোৱা গৰৈ, খলিহনা, পুঠি, চেঙা, চেঙেলী, বামী, তোৰা, গেদগেদী, ৰলীয়া, কলীয়াজৰা, কুঢ়ি, কাৱৈ, মিছা আজি অৱহেলিত৷ প্ৰতিবছৰৰ দৰে এইবেলিওঁ ভোগালীৰ উৰুকাত থলুৱা মাছ উপেক্ষিত হৈ ৰ’ল৷ বহি ৰাজ্যৰ পৰা অহা তথা ৰাজ্যৰ খনৰ ডাঙৰ মাছৰ সৈতে ফেৰ মাৰিব নোৱাৰিলে থলুৱা মাছে৷

ভোগালীৰ উৰুকাত প্ৰতিজন অসমীয়াই মাছ-মাংসৰে এসাঁজ উদৰ পুৰাই খোৱাটো পৰম্পৰা৷ সেয়ে সকলোৱে ব্যস্ত হৈ পৰে মাংস, ভালৰো ভাল মাছটো সংগ্ৰহ কৰি সেই পৰম্পৰা ৰক্ষা কৰাৰ বাবে৷ এইবেলিও ব্যতিক্ৰম নহয় ৰাজ্যবাসী৷ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো দেখা গ’ল ডাঙৰ মাছতো কিনি থকাৰ বাবে দৰ-দাম কৰি থকাৰ দৃশ্য৷

অসমীয়াৰ এনে পৰম্পৰাৰ বাবেই ভোগালীৰ উৰুকাত পূৰ্বে বজাৰত এলাগী হ’বলগীয়া হয় আন দিনবোৰত গাঁৱে-ভূঞে চহৰে-নগৰে বেছ সমাদৰ লাভ কৰি অহা থলুৱা প্ৰজাতিৰ পুঠি, গৰৈ, কাৱৈ, খলিহনা নতুবা দৰিকণা৷ উৰুকাৰ দিনটোত প্ৰত্যক্ষ কৰা এই ছবিখন এইবাৰো দেখা গ’ল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ বজাৰত৷ ডাঙৰ ডাঙৰ চিতল, খৰিয়া, ৰৌ, ভকুৱা, বৰালীক পাই যেন ৰাইজে পাহৰি পেলালে ক্ষণিকৰ বাবে হ’লেও জিভাৰ জুটিত কোনো গুণে কম নোহোৱা থলুৱা মাছৰ প্ৰজাতিবোৰক৷

উৰুকাত ওজনৰ জোখাৰে কমেও ২-৩ কিল’তকৈ ওপৰৰ মাছটো সকলোৱে দেখাকৈ হাতত ওলোমাই নিব পৰাটো এক 'ষ্টেটাছ ছিম্বল'ত পৰিণত হোৱা বুলি অনুভৱ হয়৷ পুখুৰী, খাল, বিল আদি সকলোতে পুঠি, খলিহনা, কাৱৈ, গৰৈ আদি সহজলভ্য হৈ পৰাত, অলপ বেলেগ মাছ ক্ৰয় কৰাৰ ধাউতিতেই সৰু সৰু মাছবোৰ বছৰ বছৰ ধৰি এলাগী হৈ আহিছে অতি হেপাঁহৰ উৰুকাৰ দিনটোত৷

আনদিনা চাহিদাৰ সামগ্ৰী হৈ থকা এই সৰু সৰু থলুৱা প্ৰজাতিৰ মাছবোৰ মাছ উৰুকাৰ আগদিনা বিল নতুবা পুখুৰীকে ধৰি আন জলাশয়বোৰত পেলাই দিয়া জালখনত লাগি আহিলেও নিঃসংকুচে পানীলৈ পুনৰ দলিয়াই দিয়ে মাছমৰীয়াই৷ পুঠি, কাৱৈ, গৰৈ, খলিহনাকে ধৰি আন আন সৰু মাছবোৰ বোজা লৈ অন্য দিনা গ্ৰাহকৰ সন্ধানত চুকে-কোনে ঘূৰি ফুৰা ব্যৱসায়ীজনেও উৰুকাৰ দিনটোত বজাৰলৈ আনে চিতল, খৰিয়া, ভকুৱা, ৰৌ ভৰ্তি মাছৰ ড্ৰামকেইটা৷

উল্লেখ্য, থকা-নথকা সকলো স্তৰৰ লোকেই উৰুকাৰ নিশাটোত চিতল, বৰালী অথবা খৰিয়া, ৰৌ, ভকুৱাৰ সোৱাদ লবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা যায়৷ দামৰ বেলিকা পুঠি, দৰিকণা, কাৱৈ, গৰৈ আদিতকৈ খৰিয়া, চিতল, ভকুৱা, বৰালীৰ দাম বহু উচ্চ যদিও সকলোৱে হাবিয়াস কৰে ভোগালীৰ উৰুকাত ডাঙৰৰ ডাঙৰ মাছৰ সোৱাদ ল’বলৈ৷

যাৰ পৰিণতিত প্ৰতিবছৰেই খৰিয়া, চিতল, ভকুৱাৰ প্ৰকোপত এলাগী হ’বলগীয়া হয় থলুৱা গৰৈ, কাৱৈ, পুঠি, দৰিকণা৷ স্মৰ্তব্য যে, ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমুহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হ’ব ধৰা দেখা গৈছে৷