ছিপাঝাৰত কোনে নিধন কৰিছে থলুৱা মাছ

ছিপাঝাৰঃ ৰাজ্য খনত সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা মাছৰ নিধন যজ্ঞ চলোৱাৰ সময়তে দৰং জিলাৰ ছিপাঝাৰৰ বঠা বিলত শ শ থলুৱা মাছৰ অস্বাভাৱিক মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ  লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে এনেদৰে থলুৱা মাছৰ মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷

দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ বঠা বিল এখন প্ৰকাণ্ড বিল৷ এই বঠা বিলখনতেই নিশা কোনো দুস্কৃতিকাৰীয়ে বিহ দিয়াৰ ফলতে শ শ সৰু-বৰ মাছ মৰি উপঙি উঠা পৰিলক্ষিত হৈছে৷ জানিপ পৰা মতে প্ৰায় ৫ লাখ টকাৰ মাছৰ মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত বিলখনৰ মহলদাৰে ছিপাঝাৰ থানাত এজাহাৰ দাখিল কৰে। ৰাজ্যৰ ভিতৰতে থলুৱা মাছৰ বাবে  বিখ্যাত দৰং জিলাৰ এই বিলখন।

ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমুহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীৰে ভৰি থকাৰ সময়তে দৰং জিলাৰ জিলাৰ ছিপাঝাৰত অগণন থলুৱা মাছৰ মৃত্যু হোৱাত জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কীটনাশক দ্ৰব্য পানীত মিহলাই দিয়াৰ ফলত শ শ থলুৱা মাছ পানীত ওপঙি উঠে৷