কাকডোঙা নৈত থলুৱা বৰালীৰ হাহাকাৰ, নিমাত ছাত্ৰ সংগঠন-প্ৰশাসন

দেৰগাঁওঃ ৰাজ্যৰ উজনি-নামনিত সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা মাছৰ নিধন যজ্ঞ চলোৱাৰ সময়তে গোলাঘাট জিলাৰ কাকডোঙা নৈত শ শ থলুৱা মাছৰ অস্বাভাৱিক মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে এনেদৰে থলুৱা মাছৰ মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত৷

শুকুৰবাৰে নিশা কোনো দুস্কৃতিকাৰীয়ে কাকডোঙা নৈত বিহ দিয়াৰ ফলতে শ শ সৰু-বৰ মাছ মৰি উপঙি উঠা পৰিলক্ষিত হৈছে৷ জানিপ পৰা মতে, বহু মাছ মৰি ওপঙি উঠে। ৰাজ্যৰ ভিতৰতে থলুৱা মাছৰ বাবে বিখ্যাত গোলাঘাট জিলাৰ কাকডোঙা নৈ। দুস্কৃতিকাৰীয়ে যোৱা কেইবাটাও বছৰ ধৰি ভাদ-আহিন মাহত নৈখনত বিষাক্ত কীটনাশক দ্ৰব্য পানীত মিহলি কৰি মৎস্য চিকাৰ কৰাটো যেন বছৰেকীয়া উৎসৱলৈ পৰিণত হৈছে।

যাৰ ফলত নৈ খনৰ বুকুত থকা জীৱকুল নিধণ হয়৷ অসম গৌৰৱ কাকডোঙা ব'ৰালি মাছৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, সাপৰ মৃত্যু হয়৷ ৰাজ্যৰ এটি মীন বিভাগ থকাৰ পিছতো প্ৰতিবছৰে সংঘটিত হৈ অহা এই ঘটনা ৰোধ কৰিব নোৱাৰাত সচেতন লোক ক্ষোভিত হৈ পৰিছে৷ এই ঘটনাৰ সৈতে জড়িত লোকক আজিলৈ চিনাক্ত কৰিবলৈ সক্ষম নোহোৱা বিষয়টোক ৰাইজে সহজে লব পৰা নাই। নৈ খনৰ সমীপতে আছে চোমনী আৰক্ষী চকী৷

আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰি দুস্কৃতিকাৰীক ৰক্ষনাবেক্ষন দি অহাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত কাকডোঙাৰ কোনো দল-সংগঠনে নিমাত হৈ থকা কাৰ্যটো চিন্তাৰ বিষয় হৈ পৰিছে৷ গোলাঘাট-যোৰহাট জিলা প্ৰশাসন নৈ খনত মাছ নিধন কৰা কাৰ্যক ৰোধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমুহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীৰে ভৰি থকাৰ সময়তে গোলাঘাট জিলাৰ জিলাৰ নৈ খনত অগণন থলুৱা মাছৰ মৃত্যু হোৱাত জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷