
নলবাৰীৰ জ্যোতি ফাৰ্মছ ক্লাৱৰ ৰঙালাও বিক্ৰীৰ শুভাৰম্ভ
নলবাৰীৰ ধনতোলা (চেংনৈ) জ্যোতি ফাৰ্মছ ক্লাৱে প্ৰায় ২৫০ বিঘা মাটিকালি সামৰি ৰোপন কৰিছিল অৰ্জুনা নামৰ উন্নত জাতৰ ৰঙালাও। আজি ৰঙালাও শস্য বিধ আনুষ্ঠানিক ভাৱে হাতেৰে ছিঙি নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই বিক্ৰী কেন্দ্ৰৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত নলবাৰী জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড০ মৃদুল ডেকা উপস্থিত থাকে। বিক্ৰী কেন্দ্ৰটো শুভাৰম্ভ কৰি বিধায়ক অশোক কুমাৰ শৰ্মাই কয়, ‘‘জ্যোতি ফাৰ্মছ ক্লাৱৰ চেষ্টা আদৰণীয়। যি সময়ত এচামে কাম বিচাৰি ঘূৰি ফুৰিছে বা এনেই ঘূৰা-ফুৰা কৰি আছে সেই ক্ষেত্ৰত এই ক্লাৱৰ সদস্য সকলে নিৱনুৱা সকলৰ আদৰ্শ হৈ পৰিছে’’।
কৃষি বিষয়া কেইজনে ক্লাৱটোক বিভাগীয় ভাৱে সহযোগ কৰাৰ আশ্বাস দিয়ে ভাষণত। উল্লেখ্য যে প্ৰায় ৫০০ বিঘা মাটিক লৈ পাগলাদিয়াৰ বালিচাপৰিত গঠন কৰা জ্যোতি ফাৰ্মছ ক্লাৱে যোৱা বছৰত অসমৰ ভিতৰতে শ্ৰেষ্ঠ ফাৰ্মছ ক্লাৱ হিচাপে চৰকাৰ তথা বিভাগৰ পৰা স্বীকৃতি লাভ কৰিছিল। বিগত বছৰত উক্ত ক্লাৱে ৰঙালাও বিক্ৰী কৰি প্ৰায় ২০ লাখ টকা উপাৰ্জন কৰিছিল। এনে সমূহ সাফল্য দেখিছিল উদ্যমী যুৱক তথা ক্লাৱটোৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মা, উপ সভাপতি ৰাতুল হালৈ, সম্পাদক পংকজ কলিতা, সদস্য দীনেশ ৰাজবংশী, দীনেশ গোস্বামী, কমল হালৈ, মুকুল গোস্বামী, প্ৰাঞ্জল বৰ্মন, মাধৱ কলিতাৰ নেতৃত্বত।
নলবাৰীৰ মুগকুছিত পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভা সম্পন্ন
আজি নলবাৰীৰ মুগকুছি কামৰূপ বিদ্যাপীঠ হাইস্কুল বাকৰিত পূৱ নলবাৰী মণ্ডল বিজেপিৰ বিশেষ কাৰ্যনিৰ্বাহ সভা এখন অনুষ্ঠিত হয়। জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ভূপেন ডেকা, খগেন ডেকাই৷ সভাত ৰাজ্যিক বিজেপিৰ সদস্য প্ৰতুল কলিতা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক নিতুল ডেকা, মণ্ডলৰ সম্পাদকদ্বয় অঞ্জন তালুকদাৰ, শুভজিত মল্ল বুজৰবৰুৱা, কোষাধ্যক্ষ কিশোৰ কলিতা সহ শতাধিক লোক উপস্থিত থাকে।

সভাত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই সাংগঠনিক দিশত বক্তব্য ৰাখি কয় যে- আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলক জয় কৰাবলৈ হ’লে এতিয়াৰ পৰা কৰ্মীসকলে দলীয় কাম কাজত মনোনিবেশ কৰক। বিৰোধীক দুৰ্বল বুলি নাভাবিব। এইবেলি ৰাইজ বিজেপি মুখী হৈছে। মাথো দলীয় কৰ্মীসকলে নিষ্ঠা সহকাৰে দলৰ কাম কৰি দলটোক আগবঢ়াই নিয়ক বুলিও দোহাৰে। সভাত বিজেপি নেতা অপূৰ্ব শৰ্মা আৰু প্ৰতুল কলিতা, নিতুল ডেকাইও ভাষণত দলীয় কৰ্মী সকলক আগন্তুক পঞ্চায়ত নিৰ্বাচন লৈ সাজু হ’বলৈ আহবান জনায়।
নলবাৰীত জটিল ৰোগত আক্ৰান্ত লোকক সাহায্য প্ৰদান
সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সক্ৰিয় সদস্য ক্ৰমে নলবাৰীৰ কাপলাবাডীৰ চক্ৰধৰ দাস আৰু ঘগ্ৰাপাৰৰ হাঁহডলিৰ উপেন ৰাজবংশীয়ে দীৰ্ঘদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে। অৱশেষত অসম চৰকাৰৰ গৃহ ও অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদে আজি দুয়োজনকে এক লাখ টকা কৈ সাহায্য প্ৰদান কৰে৷ নলবাৰী জিলা শ্ৰম বিষয়া কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত জিলা শ্ৰম বিষয়া বৰ্ণালী চাংকাকতিয়ে উক্ত ধনৰ চেক প্ৰদান কৰে। অনুষ্ঠানত শ্ৰম পৰিদৰ্শক পাব্লীতা বৰদলৈ, কাৰ্যালয় সহায়ক অপূৰ্ব মহন্ত, বনজ্যোতি ভৰালী আৰু নলবাৰী জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি অনিল মহন্ত উপস্থিত থাকে।

নলবাৰীৰ নদীত উটি গ’ল সাপে খুটা মৃতদেহ
নলবাৰীৰ বৰবীলাত ৰবিবাৰে নিশা অনিল দাস (৫০) সৰ্পৰ দংশনত অকাল মৃত্যু হোৱা খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, সৰ্পৰ দংশনৰ পিছত দাসক বিভিন্ন বেজ আনি জৰা ফুকা কৰা হয়। কিন্তু দাস সুস্থ হৈ নুঠাত আজি অঞ্চলটোৰ সহস্ৰাধিক ৰাইজে পৰিয়ালৰ সহযোগত বুঢ়াদিয়া নদীত কলৰ ভুৰ সাজি উটুৱাই দিয়ে। বিজ্ঞান প্ৰযুক্তিৰ যুগত এগৰাকী লোক সৰ্প দংশনত মৃত্যু হোৱাৰ পিছত পুনৰ জীয়াই তুলিব পাৰিব বুলি কৰা বিশ্বাস আজিও বিৰাজমান৷