নলবাৰীৰ বাতৰি

মূখ্যমন্ত্ৰীৰ ভাতৃৰ মৃত্যুত নলবাৰীৰ তিনি বিধায়কৰ শোক প্ৰকাশ
  
নলবাৰীঃ জাতিয় নায়ক তথা ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জ্যেষ্ঠ ভাতৃ গিৰিশ সোণোৱালৰ আজি পূৱা দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা খবৰে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাটো শোকৰ ছাঁ পেলাইছে।

কেইবাটাও ৰোগত আক্ৰান্ত হৈ মৃত্যু আকোঁৱালি লোৱা মূখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী তথা নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই।

তদুপৰি নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা, আৰতি বৈশ্য, সাধাৰণ সম্পাদকদ্বয় নিতুল ডেকা, পুলক কুমাৰ শৰ্মা, সম্পাদক তৌফিকুল হক চৌধুৰী, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী অঞ্জনা বৰ্মন, যুৱ মৰ্চাৰ জিলা সভাপতি পংকজ ডেকা, মজদুৰ মৰ্চাৰ জিলা সভাপতি ধনেশ্বৰ ডেকা, অ বি চি মৰ্চাৰ জিলা সভাপতি ধনমণি দাস আদিকে ধৰি জিলাখনৰ গেৰুৱা দলটোৰ আঠটা মণ্ডল সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সকলেও শোক প্ৰকাশ কৰে আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তদুপৰি মৃতকৰ আত্মাৰ চিৰশান্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।                        

নলবাৰীত দুটাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়কৰ 

আজি নলবাৰী সমষ্টিৰ অন্তৰ্গত খাটা অঞ্চলত দুটাকৈ এম জি এনৰেগা আচঁনিৰ পেভাৰ ব্লক পথৰ আধাৰশিলা স্থাপন কৰা হয়। আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই।

চাৰি নম্বৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বৰ্মনে আঁতধৰা অনুষ্ঠানত অঞ্চলটোৰ মমাত নগৰৰ টেন্সফৰ্মাৰ দাঁতিৰ পৰা খনিন শৰ্মাৰ গৃহৰ সন্মুখলৈ যোৱা পথটো আৰু এটা পথ জাপাৰকুছিত আধাৰশিলা স্থাপন কৰা হয়। এই পথটো যোৱা ২০ টা বছৰে বিধ্বস্ত হৈ আছিল৷                                                

নলবাৰীত শ্বহীদ মুকুন্দ কাকতি স্মৃতি দিৱস উদযাপন

১৯৪২ চনত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনত দেশৰ হৈ প্ৰাণ আহুতি দিয়া সকলৰ এজন আছিল নলবাৰী জিলাৰ সোনকানী গাঁওৰ সু-সন্তান তথা বীৰ শ্বহীদ মুকুন্দ কাকতি৷ এই বীৰ শ্বহীদগৰাকীৰ ৭৬ সংখ্যক মৃত্যু দিৱস বুধবাৰে শ্বহীদ গৰাকীৰ নিজ গাঁও সোনকানীত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু শ্বহীদ মুকুন্দ কাকতি স্মৃতি ন্যাসৰ সহযোগত এদিনীয়াকৈ পালন কৰা হয়।

বিভিন্ন কাৰ্যসূচীৰ লগতে বিয়লিৰ ভাগত এক মুকলি সভাও অনুষ্ঠিত হৈ যায়।।উক্ত সভাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য ড০ দীপক গোস্বামী, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত শ্বহীদ গৰাকীৰ স্মৃতি ৰোমন্থন কৰি বিস্তৃত আলোচনা কৰা হয়।