বৰগাঁও চাহ বাগিচাৰ পিছত মাউদ চাহ বাগিচাত ওলমিল মালিকৰ তলা

চাবুৱাঃ যোৱা ২০ জুলাইৰ পৰা আমাক ভাত লাগে, আমাক ৰুটি লাগে, আমাক কাপোৰ লাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাঁও(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে৷ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ফলত প্ৰায় তিনিমাহ কাল নিজ ইচ্ছামতে তলা ওলোমাই থৈছে বাগিচা খনৰ মালিকে৷ চৰকাৰ, মন্ত্ৰী, বিধায়ক, উপায়ুক্তই তলা খুলি দিয়াটো দুৰৰ কথা বাগিচাৰ ওচৰলৈয়ে যাবলৈ সাহস কৰা নাই৷

তাৰ মাজতে চৰকাৰ, প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই উজনিৰ এখন চাহ বাগিচাত তলা ওলোমালে বাগিচা কৰ্তৃপক্ষই৷ ভাত, ৰুটি আৰু কাপোৰৰ বাবে উত্তৰ অসমৰ শ শ শ্ৰমিকে প্ৰতিবাদ কৰি থকাৰ সময়তে উজনিৰ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মাউদ চাহ বাগিচাত বুধবাৰে তলা ওলোমাই পলায়ণ কৰে বাগিচা কৰ্তৃপক্ষ৷ দেহৰ ঘাম পেলাই অৰ্থ উপাৰ্জন কৰি ঘৰ চলোৱা শ্ৰমিকসকলে এতিয়া কৰিব লগা হৈছে হাহাকাৰ৷

মাউদ চাহ বাগিচাৰ শ্ৰমিকসকলে যোৱা মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিচা খনৰ মালিকৰ বিৰুদ্ধে৷ বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি আবেদন কৰি গুৰুত্ব আৰোপ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে মঙলবাৰে৷ এম্বুলেঞ্চ, চিকিৎসক, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, আদি বিছাৰি প্ৰতিবাদ কৰে৷

এম্বুলেঞ্চ, চিকিৎসক, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিচৰাৰ অপৰাধত বুধবাৰে পুৱাৰে পৰা বাগিচাখন লক আউট কৰি দিয়ে৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰশাসনক বাগিচাৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

শ্ৰমিকসকল কৰ্মহীন হৈ পৰাৰ আশংকাত পৰিয়াল চলাব নোৱোৰা হৈ পৰাৰ আশংকাত পৰে৷ মাউদ চাহ বাগিছাৰ চাহ শ্ৰমিকে মালিক পক্ষই কৰি অহা শোষণ, বঞ্চনাৰ বিৰুদ্ধে একত্ৰিত হৈ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদী কাৰ্যসূচীত চাবুৱাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিতি হৈ শ্ৰমিকৰ সমস্যা সন্দৰ্ভত ২৪ অক্টোবৰত আলোচনাৰ দিন সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বাগিচাৰ শ্ৰমিকসকলৰ এটা দাবী প্ৰথম অৱস্থাত বাগিচা কৰ্তৃপক্ষই মানি লোৱা নাছিল যদিও পৰৱৰ্তী সময়ত শ্ৰমিকৰ প্ৰতিবাদত সেও মানি লিখিত প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছিল। প্ৰতিবাদস্থলিত শ্ৰমিকসকলে দীপাৱলী উপলক্ষে শনিবাৰৰ বদলি বৃহস্পতিবাৰে দৰমহা বিছাৰিছিল যদিও বাগিচা কৰ্তৃপক্ষই দৰমহা দিম বুলি ৰাইজক লিখিত প্ৰতিশ্ৰুতি দিয়ে ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত।

কিন্তু প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নিশাৰ ভিতৰতে পলায়ণ কৰে বাগিচা কৰ্তৃপক্ষ৷ তাৰ পিছতে হাহাকাৰ লাগে শ্ৰমিকসকলৰ৷ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিজয় বাউৰী, চাবুৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক চঞ্জয় বৰাইক আৰু আটছাৰ মাউদ উপ-শাখাৰ সভাপতি অজয় বাউৰীয়ে মঙলবাৰে বাগিচা কৰ্তৃপক্ষই দিয়া প্ৰতিশ্ৰুতি সম্পূূৰ্ণৰূপে অৱজ্ঞা কৰিছে৷ বাগিচাৰ গেটত প্ৰকাণ্ড তলা ওলমাই শ্ৰমিকসকলক অন্ধকাৰত ৰাখি বাগিচাখনৰ মুখ্য পৰিচালকগৰাকীৰ লগতে সহযোগীসকল পলায়ণ কৰে। বাগিচা কৰ্তৃপক্ষৰ এনে কাণ্ডত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।