
দেৰগাঁওঃ সন্ত্ৰাসৰ সৃষ্টি কৰি শ-শ লোকৰ নিদ্ৰাহৰণ কৰা বনৰজা অৱশেষত মানুহৰ বুদ্ধিৰ সন্মুখত যেন নতশিৰ হ’ল৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ’ল পিঞ্জিৰাত৷ গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰাজানত বৃহস্পতিবাৰে পিঞ্জৰাৱদ্ধ হয় এটি নাহৰফুটুকী৷
দীৰ্ঘদিন ধৰি শিঙৰাজান, কুৰালগুৰি, কপৌ চুক আদি অঞ্চলত বাঘৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ হয়৷ ইতিমধ্যেই বাঘৰ আক্ৰমণত কেইবাটাও পশুধন ভক্ষণ কৰাৰ লগতে কেইবাগৰাকী লোকক আক্ৰমণ কৰি আহত কৰে৷