বিয়াত বহিব মাইনু-তপনে...

ওদালগুৰিঃ কোনো অভিমানী পুৰুষে প্ৰেমক সহজেই বিসৰ্জন দিব নোৱাৰে। পুৰুষৰ সকলো গুণে নাৰীক আৰু নাৰীৰ গুণে পুৰুষক সদায় আকৰ্ষণ কৰে৷ নাৰী পুৰুষৰ বিশেষ গুণৰ কথা অৱগত হৈয়ে তৰুণ-তৰুণীয়ে প্ৰেমত মত্ত হয়৷ প্ৰথম দৃষ্টিতে নাৰীৰ বিশেষ গুণে হৃদয় কাঢ়ি নিয়ে কোনোবা জন তৰুণৰ। তাৰ পিছতে প্ৰেম হয়৷ প্ৰেমীকে প্ৰেয়সীক প্ৰেম নিবেদন কৰিবলৈ ধৰে আৰু বহুতে সফল হয় আন বহুতে বিফলো হয়।

কিন্তু ওদালগুৰিৰ মাজবাটৰ এহাল প্ৰেমিক-প্ৰমিকাৰ প্ৰেমক চেল্যুট জনাইছে বহু লোকে৷ প্ৰেম অমৰ, প্ৰেম অন্ধ এই সকলোবোৰ কথাকে সঁচা বুলি প্ৰতিপন্ন কৰিছে এহাল প্ৰেমিক-প্ৰমিকাৰ প্ৰেমে৷ এই প্ৰেমৰ সম্পৰ্কই এতিয়া সমগ্ৰ ওদালগুৰি জিলাখনতেই ব্যাপক চৰ্চা লাভ কৰিছে। 

ওদালগুৰিৰ তপন শৰ্মাক অসমৰ বহু মানুহে জানে৷ কিয়নো অসমৰ এটি নিউজ চেনেলে সম্প্ৰচাৰ কৰা সংগীতৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছিল৷ দিব্যাংগসকলৰ বাবে আয়োজন কৰা সংগীতৰ অনুষ্ঠানত অংশ লবলৈ গুৱাহাটীলৈ আহিছিল ওদালগুৰিৰ তপন শৰ্মা৷

থিক তেনেদৰে গোলাঘাট জিলাৰ পৰা নিউজ চেনেলটোত সংগীতৰ অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰিবলৈ আহিছিল মাইনুজ্যোতি দাসে৷ মাইনুজ্যোতি দাসে সংগীত পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছিল৷ তপন শৰ্মা আৰু মাইনুজ্যোতি দাসে সংগীতৰ অনুষ্ঠানটোৰ মাজতে চিনাকী হৈছিল৷ 

প্ৰথমে চিনাকী তাৰ পিছতে প্ৰেম নিবেদন কৰিছিল৷ কিন্তু সেই কথা ইজনে সিজনক কোৱাই নহ’ল৷ তপন শৰ্মাই প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি থাকোতেই সময়বোৰ পাৰ হৈ গ’ল৷ লাজকুৰীয়া মাইনুক তপন শৰ্মাই প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গোপনে সিদ্ধান্তও গ্ৰহণ কৰিছিল৷ কিন্তু যেন মনৰ কথা কোৱা নহ’ল৷

তাৰ পিছত পাছত দুয়োজনে ফোনযোগে কথা-বাৰ্তা পাতি গৈছিল। ইয়াৰ মাজতে মাজবাটৰ তপনে বহুবাৰ গোলাঘাটলৈ গৈ মাইনুক লগ ধৰি আহে। অৱশেষত ৫ মাহ পূৰ্বে দুয়োগৰাকীয়ে ইজনে সিজনৰ আগত প্ৰেমৰ প্ৰস্তাৱ দিয়ে৷ ইজনে সিজনৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ মাইনুৱে চকুজুৰিৰে পৃথিৱীখন দেখা নাপায় যদিও তপনৰ স্বচ্ছ প্ৰেমক অনুভৱ কৰিব পাৰিছিল৷ তপনেও বিকলাংগ দেহটোৰে উপাৰ্জন কৰি মাইনুক শান্তিত ৰাখিব পাৰিম বুলি অনুভৱ কৰিছিল৷ 

দুয়োৱে বিবাহপাশত আৱদ্ধ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে যদিও বিভিন্ন সমস্যাই দেখা দিবলৈ ধৰে। ফলত দুয়োৱে পলাই গৈ যুগ্ম জীৱন আৰম্ভ কৰাৰ মন মেলিলে। সেইমৰ্মে যোৱা ৩০ এপ্ৰিলত মাজবাটৰ তপনে গোলাঘাটলৈ গৈ মাইনুক পলুৱাই আনে। তাৰ পিছতে পাছত মাইনুৰ পৰিয়ালত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালে নিজৰ কন্যাগৰাকী নোহোৱা হোৱাত ওচৰৰে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। 

কিন্তু কিছু সময় পিছতে মাইনুৱে স্বইচ্ছাই তপনৰ সৈতে পলাই অহা বুলি ফোনযোগে পৰিয়ালক অৱগত কৰে। ইয়াৰ পাছত বুধবাৰে মাইনুজ্যোতি দাসৰ পৰিয়ালৰ লোক আহি উপস্থিত হয় তপনৰ মাজবাটস্থিত গৃহত। দুয়োটা পৰিয়ালে দুয়ো প্ৰেমিক-প্ৰেমিকাক বিবাহপাশত আৱদ্ধ কৰোৱাৰ সিদ্ধান্ত লয়৷

কিন্তু ইয়াৰ মাজতে এটা ব্যক্তিগত নিউজ চেনেলে চেনেলে তপন শৰ্মা নামৰ দিব্যাংগ শিল্পীজনক দুৰ্বৃত্ত সজাই মাইনুক অপহৰণ কৰা বুলি বাতৰি পৰিৱেশন কৰাত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। চেনেলটোৰ বাতৰিক গৰিহণা দিয়ে দুয়োটা পৰিয়ালৰ সদস্যৰ লগতে মাজবাট আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। বাতৰিটো সন্দৰ্ভত প্ৰেমিকা মাইনুৱে কয় যে এয়া সম্পূৰ্ণ মিছা বাতৰি। তেওঁ স্ব-ইচ্ছাই তপনৰ সৈতে পলাই অহা বুলি কয়।