
newsnextone.com | গোৰেশ্বৰঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ লংকেশ্বৰস্থিত দিব্যাংগৰ অনুষ্ঠান ঈৰদা চৌহদত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই নিতৌ নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ ৭ জুনত গুৱাহাটী মহানগৰীৰ দিব্যাংগৰ অনুষ্ঠান ঈৰদা চৌহদত উদ্ধাৰ হৈছিল বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাৰ টেঙাঝাৰ গাঁৱৰ বলিন কলিতাৰ ২২ বছৰীয়া কন্যা লুনা কলিতাৰ মৃতদেহ৷ লুনা আছিল মুকবধিৰ৷
লুনা কলিতাই ৰান্ধনি হিচাপে বিগত দুটা বছৰে কৰ্মৰত আছি ঈৰদাত। যোৱা ৭ জুনত পৰিয়ালৰ লোকক সন্ধিয়া ৬ মান বজাত ঈৰদাৰ পৰা কোনো লোকে ফোন কৰি লুনাই ঈৰদাৰ হোষ্টেলত আত্মহত্যা কৰা বুলি জনায়। মুকবধিৰ যুৱতীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি পৰিয়াল তথা বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাই আহিছে৷ সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকী অন্তঃসত্বা আছিল বুলি কোৱাৰ লগতে এই ঘটনাক একাংশ লোকে প্ৰকাশ কৰিব খোজা নাই বুলি কয়৷
এইবাৰ পুনৰ আন এক তথ্য পোহৰলৈ অহাত মুকবধিৰ যুৱতীৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ৭ জুনত অনুষ্ঠান খনত যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অনুষ্ঠানৰ কৰ্তৃপক্ষই যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী কৰিলেও প্ৰকৃততে সেয়া হত্যা নে আত্মহত্যা সেয়া লৈ এক নতুন ৰহস্যৰ সৃষ্টি হৈছে৷ যুৱতীগৰাকীয়ে মৃত্যুৰ পূৰ্বে এগৰাকী বান্ধৱীৰ আগত প্ৰকাশ কৰা কিছু কথাই এতিয়া যুৱতীগৰাকীৰ মৃত্যু পৰিকল্পিত হত্যা কাণ্ড আছিল বুলি চৰ্চা আৰম্ভ হৈছে৷
ঈৰদাৰ সঞ্চালক ড০ ৰমণী বৰ্মনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল লুনাই। লুনাই নিজ বান্ধবীক দিনে-নিশাই কান্দি থাকোতেই সময় পাৰ হৈছিল বুলি অৱগত কৰিছিল। বহুত কষ্টত দিন পাৰ কৰিছিল বুলিও বান্ধৱীৰ আগত প্ৰকাশ কৰে৷ আনহাতে কোনো লোকে তাইৰ সৈতে অপকৰ্ম কৰাৰ ইংগিত দিছিল লুনাই। কষ্টত কেনেকৈ দিন পাৰ কৰিছিল লুনাই তাৰ বৰ্ণনা দি গৈছিল ইংগিতেৰে। এই কথা তাইৰ অনুষ্ঠানটোৰ সকলোৱে জানে বুলিও প্ৰকাশ কৰিছিল। লুনাৰ বান্ধবীৰ ভাষ্যই লুনাক যে পৰিকল্পিত হত্যা কৰা হৈছে তাকেই প্ৰমাণ কৰে নেকি।