এটা সৰু বেগ, বিক্ৰী হ’ল ১১ কোটিত

ডিজিটেল ডেস্কঃ নীল আমষ্ট্ৰঙে চন্দ্ৰলৈ শিল-বালিৰ নমুনা অনাৰ বাবে নিয়া বেগটো বিক্ৰী হৈছে ১১ কোটি ৫৭ লাখ, ৯৮ হাজাৰ ৫০০ টকাত। চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহৰ বেগটো যোৱা সপ্তাহত নিলামৰ বাবে মুকলি কৰা হৈছিল।

প্ৰথম চন্দ্ৰত খোজ দিয়াৰ ৪৮ তম বাৰ্ষিকী বৃহস্পতিবাৰে সম্পুৰ্ণ হোৱাৰ সময়তে এই নিলাম কৰা হয়। বেগটো বহুবছৰ ধৰি হাউষ্টনৰ জনচন স্পেচ চেণ্টাৰত এটা বাকচত সংৰক্ষণ কৰি থোৱা আছিল।

নিলামত ২ ৰপৰা ৪ মিলিয়নলৈ দাম উঠিব বুলি আশা কৰিছিল উদ্যোক্তাই। ১৯৬৯ চনৰ জুলাই মাহৰ সেই ঐতিহাসিক দিনটোত নীল আমষ্ট্ৰঙৰ সৈতে ১১ জন সদস্য আছিল অভিযানত।

১২ ইঞ্চি দীঘল আৰু ৮.৫ ইঞ্চি বহল বেগটোত 'লুনাৰ চেম্পল ৰিটাৰ্ণ’ বুলি লিখা আছে। অৱশ্যে মহাকাশ ইতিহাসৰ সৈতে জড়িত সামগ্ৰী এটা সংগ্ৰাহলয়ত ৰখাৰ পৰিৱৰ্তে এনেদৰে নিলামত দিয়াৰ বাবে সমালোচনা কৰিছে বহুতে।