হিজাব খুলিব দি সু-সভ্য লণ্ডনৰ McDonald ৰেষ্টুৰেণ্টে বিছাৰিলে ক্ষমা

ডিজিটেল ডেস্কঃ নিজৰেই জন্মস্থানত অতি গৌৰৱেৰে জীৱনৰ ১৯ বছৰ কটোৱা যুৱকীগৰাকীয়ে জীৱনত প্ৰথমবাৰলৈ অপমানিত হ'ল৷ একেবাৰে অনাকাংক্ষিত ভাৱে অপমান বোধ কৰিলে যুৱতীগৰাকীয়ে।

তাকো লণ্ডনৰ নিচিনা এখন সু-সভ্য চহৰৰ আধুনিক ৰেষ্টুৰেণ্ট McDonaldত। লণ্ডন চহৰৰ McDonald ৰেষ্টুৰেণ্টত সোমাই গৈ এনেদৰে বাধাৰ সন্মুখীন হ'ব লাগিব বুলি সপোনতো ভবা নাছিল তেও৷ সপোনতো কল্পনা কৰিব পৰা নাছিল লণ্ডনৰ এই মুছলিম যুৱতীগৰাকীয়ে।

নিজৰ মোবাইল ফোনেৰে তিক্ত অভিজ্ঞতা ভিডিঅ ৰেকৰ্ডিং কৰিলে বিশ্বক জনোৱাৰ পিছতো যুৱতীগৰাকীৰ সমৰ্থনত বিশ্বৰ বিভিন্ন দেশৰ লোক৷ ১৯বছৰীয়া যুৱতীগৰাকী দূখত যেন ভাগি পৰিছে। ভিডিঅতোত McDonaldৰ নিৰাপত্তাৰক্ষীয়ে স্পষ্টকৈ এইবুলি কোৱা দেখা গৈছে, "মুৰৰ স্কাৰ্ফ(হিজাব)খন খুলি পেলাওক, নহ'লে ৰেষ্টুৰণ্টৰ পৰা বাহিৰলৈ ওলায় যাওক।"

নিৰাপত্তাৰক্ষীজনে আৰু কৈছে যে মুৰৰ স্কাৰ্ফখন খুলি দিলে একো সমস্যাই নাথাকিব। ছোৱালীজনীৰ উত্তৰ, এইতো মুৰৰ স্কাৰ্ফ খুলি পেলোৱাৰ নিচিনা সামান্য কথা নহয়। ধৰ্মীয় কাৰণতহে তেঁও মুৰত স্কাৰ্ফ(হিজাব)খন পিন্ধিছে, সেইতো বুজাৰ চেষ্টা কৰক। স্কাৰ্ফ(হিজাব)খন পিন্ধাৰ কাৰনে তেওঁ লজ্জিত নহয়। সেইতোও ক'লে ছাত্ৰী গৰাকীয়ে।

ঘটনাটো পোহৰলৈ অহাৰ পিচত দুখ প্ৰকাশ কৰিছে লণ্ডনৰ McDonald কৰ্তৃপক্ষই। যিকোনো ধৰ্মৰ মানুহে যিকোনো পোচাক পিন্ধি McDonald লৈ আহিব পাৰে। পিছত নিৰাপত্তাৰক্ষীৰ দ্বাৰা অপমানিত হোৱা ছাত্ৰীগৰাকীৰ ওচৰত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই টুইটাৰযোগে ক্ষমাও খুজিলে।