তেজপুৰ মেন্টেল হস্পিতালৰ পৰা যুৱতী সন্ধানহীন

মোৰাঝাৰঃ তেজপুৰ মেন্টেল হস্পিতালৰ পৰা এগৰাকী মানসিক বিকাৰগ্ৰস্থ যুৱতী সন্ধানহীন হৈছে। মানসিক বিকাৰগ্ৰস্থ এই যুৱতী গৰাকীৰ ঘৰ ডবকাৰ ৭ নম্বৰ ৱাৰ্ডত।

মঙলবাৰে আত্মীয়ই চিকিৎসাৰ বাবে লৈ গৈছিল তেজপুৰ হস্পিতাললৈ। আৰু তাৰ পৰাই সন্ধানহীন হয় যুৱতী গৰাকী। পৰিয়ালৰ লোকে যুৱতী গৰাকীক বিচাৰি আছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই।

কোনো সদাশয় লোকে এই মানসিক বিকাৰগ্ৰস্থ যুৱতী গৰাকীক দেখা পালে ৮৮১২০২৮০৭৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।