মাদানী হজৰত মহম্মদৰ বংশধৰ, মাদানীয়ে কেতিয়াও মিছা নকয়

মোৰাঝাৰঃ দিল্লীত অনুষ্ঠিত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৫০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰাৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ মাজতে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰৌফে মাদানীৰ পক্ষ লোৱা পৰিলক্ষিত হয়৷ ৰাজনীতিৰ পৰা সন্যাস লোৱা বুলি কৈ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰৌফে জমিয়ত-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি জন ৰাষ্ট্ৰদ্ৰোহী নহয় বুলি মন্তব্য কৰে।

মাদানীৰ পৰিয়াল হজৰত মহম্মদৰ বংশধৰ বুলিও কয় তেওঁ। তেওঁ কেতিয়াও মিছা নকয়। যি কব সত্য কব আৰু তাৰ ওপৰত অটুত থাকিব বুলিও মন্তব্য আগবঢ়ায় ৰৌফে৷ ইমানে নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শৰৎ চন্দ্ৰ সিংহৰ পিছতেই ৰাজ্যৰ দক্ষ-সফল মন্ত্ৰী আখ্যা দিয়ে৷ বুধবাৰে হোজাইৰ গোপাল নগৰস্থিত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নিজ বাসগৃহ মাদানী ভৱনত প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰৌফে সংবাদমেল অনুষ্ঠিত কৰি মাদানীৰ একান্ত ভক্ত বুলি নিজকে পৰিচয় দিয়ে৷

প্ৰাক্তন মন্ত্ৰী জনে মাদানীৰ মন্তব্যক লৈ অসমত চলি থকা শেহতীয় বিতৰ্কত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাদানীৰ অসমীয়া, বাংলা আৰু ইংৰাজী আদি ভাষা নাজানে তেও সেই দিনা উৰ্দুত নিজৰ বক্তব্য দিছিল কিন্তু সেই বক্তব্য বিভিন্ন পক্ষই বিকৃত ভাবে উপস্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰা বুলি কৈ তেওক ৰাষ্ট্ৰদ্ৰোহী সজোৱাৰ চক্ৰান্ত কৰা বুলি অভিযোগ উত্থাপন কৰে। তেও আৰু কয় "মাদানীৰ বক্তব্যকলৈ ইতিমধ্যে বহুকেইটা গোচৰ ৰুজু হৈছে। অসম আৰক্ষীয়ে গোচৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে৷

কোনো লোকে অশান্তিৰ সৃষ্টি নকৰি আৰক্ষীৰ তদন্তত সম্পূৰ্ণ বিশাস ৰাখিব লাগিব৷ সময়ত সকলো কথা পৰিস্কাৰ হ’ব"৷ সংবাদ মেলত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত আক্ষেপ প্ৰকাশ কৰি প্ৰাক্তন মত্ৰীজনে এন আৰ চি প্ৰক্ৰিয়াত নিযুক্ত হৈ থকা কৰ্মচাৰী সকলৰ দৰমহাৰ কাৰনে চৰকাৰে সময়মতে পুজি নিদিয়া আৰু বহু সময়ত এন আৰ চিৰ ভিন্ন বিষয়লৈ আদালতত পি আই এল কৰাৰ কাৰণেও এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত বহু পৰিমানে বাধা অহা বুলি কয়।

ড০ হীৰেন গোহাঁইকে ধৰি ৬ বুদ্ধিজীৱীক একাংশই তুচ্ছ তাচ্ছিল্য, অপমান কৰা কাৰ্যক দুঃখ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীজনে। জ্যেষ্ঠ সাংবাদিক ধীৰেন চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত নগা আৰক্ষীক গুলীয়াই হত্যাৰ প্ৰস্তাৱ দিয়া প্ৰস্তাৱক অবাস্তৱ, অবাঞ্চনীয় মন্তব্য কৰে৷ প্ৰফুল্ল কুমাৰ মহন্তৰ মন্ত্ৰী সভাত বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু পৰিবেশৰ দৰে গুৰুত্বপূৰ্ন বিভাগত মন্ত্ৰীত্ব লাভ কৰিছিল যদিও পিছত বিভিন্ন কাৰণত পদত্যাগ কৰিছিল আব্দুৰ ৰৌফে।