
নলবাৰীঃ বিশিষ্ট নাট্যশিল্পী, সমাজকৰ্মী মধুসূধন মজুমদাৰৰ ৮১ বছৰ বয়সত মঙলবাৰে নলবাৰী জিলাৰ দক্ষিণ আমনিৰ নিজ বাসভৱনত মৃত্যুক আকোৱালি লয়৷ প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ তাৰাচৰণ মজুমদাৰৰ ভাতৃ মধুসূধন মজুমদাৰৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে শোকৰ ছাঁ পৰে নলবাৰীত।
নাট্য শিল্পী মধুসূধন মজুমদাৰে 'কালাপাহাৰ, মচনদ, মেঘাবৃত্ত ভাস্কৰ, এমুঠি চাউল, চম্বলৰ অভিশাপ আদি নাটকত বলিষ্ঠ অভিনয় কৰি সমাদৰ লাভ কৰিছিল। মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ, তিনি কন্যা সহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
বিশিষ্ট অভিনেতাগৰাকীক অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধা নিবেদন কৰে ৰাইজে। নাট্যশিল্পী তথা সমাজকৰ্মী মজুমদাৰৰ মৃত্যুত মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা সহ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।