শনিবাৰৰ নিশা উচ্চ-নীচ পাহৰি মিলিজুলি তৃপ্তিৰে এসাঁজ খাব চহৰ-জকাইচুকৰ অসমীয়াই

নগাঁওঃ জকাইচুকত ভোগালীৰ সকলো যেন ব্যস্ততা৷ গাঁৱৰ পথাৰত সাজু ভেলাঘৰ৷ অপায়, অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত ভাবে ভোগালী বিহুৰ বাবে সাজু প্ৰতিখন গাঁও৷ পিঠা-পনা, জলপানৰ সামগ্ৰীও সাজু কৰিলে গৃহিনীয়ে৷ এতিয়া ভোগালীৰ ভোগ উৰুকাৰ নিশা এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত অসমীয়া৷ পিছপৰি থকা নাই তেজপুৰৰ বিভিন্ন ঠাই৷

ভোগৰ উৎসৱ ভোগালী বিহুক লৈ ব্যস্ত সকলো৷ যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰি পালন কৰি অহা ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ নিশাটো শনিবাৰে ৰাজ্যৰ সৰ্বত্ৰে পালন কৰিব ৰাইজে৷ সেই অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাতো ৰাইজে পাৰ হৈ যোৱা দিনবোৰৰ সকলো দুখ-বেদনা মনৰ পৰা আঁতৰ কৰি সামৰ্থ অনুযায়ী উৰুকা পালনৰ বাবে সাজু হৈছে ৷

ঘাইকৈ গ্ৰাম্য অঞ্চলত বাস কৰা লোকসকলে চুবুৰীয়ে চুবুৰীয়ে একলগ হৈ তৃপ্তিৰে ভোগালীৰ এসাঁজ মিলিজুলি খাবলৈ প্ৰস্তুত কৰি তুলিছে৷ বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু চেমনীয়াসকলেও আটোম-টুকাৰিকৈ পথাৰ, নামঘৰৰ বাকৰি নতুবা আন ঠাইত ভেলাঘৰ সাজি ভোগালীৰ উৰুকাৰ তৃপ্তিদায়ক সাঁজটোৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ চুবুৰীৰ প্ৰতিঘৰ গৃহস্থৰ পৰা সংগ্ৰহ কৰি ভেলাঘৰত জমা কৰিছে৷

হাড় কপোৱা শীতকো কেৰেপ নকৰি সকলো উচ্চ-নীচ ভেদাভেদ পাহৰি একগোট হৈছে ভেলাঘৰত পৰম আগ্ৰহেৰে হেঁপাহৰ ভোগালীৰ উৰুকাৰ নিশা ভোজ-ভাত খাবলৈ৷ অসমীয়া সমাজত মাঘৰ দোমাহীৰ দিনা একেলগে ভেলাঘৰত জুইৰ উত্তাপ লৈ হাঁহি-ধেমালীৰে ভোজ-ভাত খোৱাৰ পৰম্পৰা বহু যুগৰে পৰা প্ৰচলিত হৈ আহিছে৷ ধনী-দুখীয়া সকলোৱে লগ হৈ উৰুকাৰ নিশা মাছ-মঙহেৰে এসাঁজ উদৰ পূৰাই খোৱাটো যেন সৌভাগ্যৰ কথা৷

কাজেই, জিলাখনৰ সৰ্ব প্ৰান্তত ৰাইজ ভোগালীৰ উৰুকাৰ বাবে সংঘবদ্ধ হৈছে৷ যাৰ বাবে  চাকৰি নতুবা আন জীৱিকাৰ তাড়নাত আঁতৰত থকা লোকসকলে ঘৰলৈ আহি ভেলাঘৰৰ বাকৰিত আপোনজনৰ সৈতে জুইৰ উম লৈ ভোগালীৰ এসাঁজ খাব৷ সেয়েহে চৌদিশে চলিছে সকলোতে ৰাজহুৱা আয়োজন৷ প্ৰকাশ যে,উৰুকাৰ নিশা ভেলাঘৰত উজাগৰে থাকি ডেকা-বুঢ়া সকলোৱে ঢোল-পেঁপা বজাই বিহুৰ আনন্দ উপভোগ কৰে৷ ইয়াৰ মাজতে কাৰোবাৰ বাৰীৰ আলু, পিয়াঁজ, কবি আদি নতুবা হাঁহ-পাৰ-মূৰ্গী চুৰ কৰি আনি চুবুৰীয়া চেঙেলীয়া ডেকাহঁতে সেইবোৰ ৰান্ধি খাই স্ফুৰ্তি-তামাচা কৰে৷

কিন্তু ইয়াৰ বাবে কোনো গৃহস্থই এই অত্যুৎসাহী ডেকাহঁতৰ লগত কাজিয়া-পেচালত লিপ্ত নহয়৷ উৰুকাৰ সন্ধ্যা ল’ৰা-ছোৱালী, ডেকা-বুঢ়া সকলো ভেলাঘৰত সমবেত হয় আৰু লাগি-ভাগি ভোজ-ভাত ৰান্ধে৷ বয়োজ্যেষ্ঠসকলে নাম-কীৰ্তনত মত্ত হয়৷ নাম-কীৰ্তনৰ শেষত আৰম্ভ হয় ভোজ-ভাত খোৱাৰ আকাংক্ষাৰ পৰ্ব৷ ইয়াৰ মাজতে কোনো কোনোৱে কৌতুক কৰিব ৰসাল কথাৰে৷ মুঠৰ ওপৰত পৰিবেশ উজ্বলাই তুলি হাঁহি-ধেমালী, ৰং-তামাচাৰ মাজেৰে ভোজ-ভাত খোৱা কাৰ্য সমাপন কৰাৰ অন্তত ডেকাসকলে ওৰে নিশাটো ভেলাঘৰতে থাকি বিহু গীত জুৰি নাচি-বাগি বিহুৰ আনন্দ-উল্লাসত মতলীয়া হৈ পৰে৷

পিছত পুৱাতে সামাজিক ৰীতি-নীতিৰ মাজেৰে ভেলাঘৰ আৰু মেজিত জুই জ্বলাই অগ্নি দেৱতাক সেৱা-অৰ্চনা কৰে৷ পৰবৰ্তী পৰ্যায়ত সকলো ব্যস্ত হৈ পৰে ঘৰে ঘৰে ভোগ-প্ৰাচুৰ্যৰে ভৰা উৎসৱ ভোগালী বিহু উদযাপনত৷ কিন্তু পৰিতাপৰ কথা যে সাম্প্ৰতিক সময়ত ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাকো একপ্ৰকাৰে আধুনিকতাৰ কৰাল গ্ৰাসে আৱৰি ধৰাত তথাকথিত আধুনিকতাৰ নামত কেতবোৰ বিজতৰীয়া অপ-সংস্কৃতিয়ে গ্ৰাস কৰিব ধৰাত আমাৰ জাতিটোৰ বহু পুৰণিকলীয়া বিহুৰ পৰম্পৰা-ঐতিহ্য হেৰাই যোৱাৰ উপক্ৰম ঘটিছে৷