
তেজপুৰ টাউনঃ আজি মহাসপ্তমী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক নগৰী তেজপু্ৰতো আজি পূৱাৰে পৰা মহাসপ্তমী উপলক্ষে অগণন ভক্তৰ ভীৰ দেখিবলৈ পোৱা গৈছে। ষষ্ঠিৰ দিনা বেলবৰণেৰে দূৰ্গতিনাশিনীক আদৰাৰ পাছত আজি মণ্ডপ সমূহত মহাসপ্তমীৰ পূজা-অৰ্চনা চলি আছে।
আজি দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ আৰু স্থাপন সম্পন্ন কৰা লগতে দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয়। দেৱীৰ বন্দনা, ঢাক-ঢোল, শংখ, উৰুলীৰে সমগ্ৰ তেজপুৰতে এক ওখল-মাখল পৰিবেশে বিৰাজ কৰিছে। সকলোৱে মংগল কামনা কৰি দেশলৈ যাতে শান্তি-শৃংখলা ঘূৰি আহে তাকে মাৰ ওচৰত কামনা কৰিছে।
বৰ্তমান তেজপুৰত ডেৰ শতাধিক পূজা মণ্ডপত পূজা-অৰ্চনা চলি আছে, তাৰ ভিতৰত এক্সপুলিচ লাইনৰ পূৱ তেজপুৰ বাৰোৱাৰী দূৰ্গা পূজা সমিতিয়ে আয়োজন কৰা পূজা খন ব্যতিক্ৰম।এই পূজাখনত দূৰ্গতিনাশিনী দেৱী দূৰ্গা তথা সকলো প্ৰতিমাকে অসমীয়া সাজ-পাৰত দেখা গৈছে। পূজা কমিতিয়ে আশা কৰিছে, তেওঁলোকৰ এই প্ৰচেষ্টাই অসমীয়া সংস্কৃতিক আৰু অধিক জাকত-জিলিকা কৰিব।
ডেকাৰ গাঁৱতো অনুৰূপ ধৰণে সজাইছে যদিও এক্সপুলিচ লাইনৰ দৰে দৰ্শকক আৰ্কষিত কৰিব পৰা নাই। তদুপৰি তেজপু্ৰৰ দক্ষিণা কালীমন্দিৰৰ মূল প্ৰৱেশ পথত নিৰ্মাণ কৰা গৌতম বুদ্ধৰ মূৰ্তি সকালোৰে আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।