
মাজুলীঃ সত্ৰনগৰী মাজুলীত শনিবাৰৰ পুৱাৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰে বিৰুদ্ধে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি মাজুলীৰ সদৰ গড়মূৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক সকীয়াই দি বিশ্ববিদ্যালয় খন বন্ধ কৰাৰ কথা পহৰি যাওক বুলি সকীয়াই দিয়ে৷
সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীতো মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক লোকে৷
একমাএ মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দিয়া, মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণ প্ৰক্ৰিয়া বন্ধ কৰা আদিকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মাজুলী প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আছুৱে। কাৰ্সূচীত মাজুলী মহকুমা আছুৰ উপ-সভাপতি দীপক নেওঁগ, সভাপতি অজিত হাজৰিকা, সম্পাদক বিতোপন শৰ্মা উপস্থিত থাকে৷
উল্লেখ্য যে, ২০১৬ চনত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী সংস্থাপনকে ধৰি চৰকাৰে কেইবাটাও জনবিৰোধী নীতি গ্ৰহণ কৰিব বিচৰাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই উঠিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷
এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷
এইবাৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷