স্বচ্ছতাৰ দিশত আগবাঢ়ি আহিছে মাজুলীবাসী

newnextone.com| মাজুলীঃ মাওলিনঙ আদৰ্শৰে অনুপ্ৰাণিত হৈছে এইবাৰ মাজুলীৰ দেওঁদিয়া আটী গাওঁ। প্ৰতি ৰবি বাৰে পুৱাই ৮ বজাত ওলাই আহে গাওঁ খনৰ পুৰুষ মহিলা গাওঁ খন স্বচ্ছ কৰি তোলাৰ দিশত। মাজুলীৰ DFO গাওঁ ভকতিদুৱা ৰ পাছত এতিয়া আগ বাঢ়িছে মাজুলীৰ দেওঁদিয়া আটী গাওঁ। 

অতীততে দেওঁদিয়া আটী গাওঁ খনলৈ অহা যোৱা কৰিব নোৱাৰা এক অৱস্থা৷ বৰ্তমান এই গাওঁ খন অসম তথা মাজুলী জিলাৰ আদৰ্শৰ হিচাপে স্থান লাভ কৰিবৰ বাবে ওলাই আহিছে৷ এই গাওঁ খনৰ নিবাসী সকলে নিজ গাওঁ খন স্বচ্ছ কৰিবলৈ আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। এই আদৰ্শ সমূহ আৰু উন্নত কৰিবৰ বাবে দেওঁদিয়া আটী গাওঁৰ বৃদ্ধৰ পৰা নাবালকলৈকে সজাগ হোৱা দেখা গৈছে৷