মাজুলীত আয়তীসকলৰ নামেৰে মুখৰিত প্ৰতিটো নামঘৰ

newsnextone.com। মাজুলীঃ এতিয়া পবিত্ৰ ভাদ মাহ। মাহজোৰা নাম-প্ৰসংগৰে ৰাজ্যৰ প্ৰতিটো নামঘৰতে মহাপুৰুষ দুজনাৰ নাম-ধবনিৰে মুখৰিত হৈ উঠা দেখা পোৱা গৈছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় মাজুলী। 

স‌ত্ৰ নগৰী খ্যাত মাজুলীৰ বিভিন্ন ঠাইৰ লগতে মহাপুৰুষ দুজনাৰ নামৰ ধ্বনিৰে ভাদ মহীয়াৰ নাম-প্ৰসংগ আৰম্ভ কৰিছে দেওঁদিয়া আটী আই সকলেও। শাওণ মাহ শেষ হোৱাৰ লগে লগে যেন গাঁৱৰ সকলো তিৰোতাৰ মনত পাৰভঙা আনন্দ এই নামঘৰত।

হৰি নামৰ ধবনিৰে আকাশ বতাহ মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে। গাঁৱৰ সকলো তিৰোতাই নিদিষ্ট সময়ত গৈ ভাদ মহীয়া নাম গোৱাটো এই গাঁওখনৰ এক প্ৰাচীন পৰম্পৰা। নামৰ লগতে তেওঁলোকে ঘৰুৱা মংগল কামনা কৰি আগ কৰা শৰাই ভাদ মাহতে দিয়াৰ ব্যৱস্থা কৰা দেখা যায়।