ৰাজ্যজুৰি মামণি ৰয়চম গোস্বামীক স্মৰণ

উত্তৰ অসম/আজাৰাঃ মামণি ৰয়ছম গোস্বামীৰ বুধবাৰে মৃৃত্যু দিন৷ জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক ইন্দিৰা গোস্বামীক ৰাজ্যজুৰি স্মৰণ কৰে৷ মামণি বাইদেউ হিচাপে অসমীয়াৰ আপোন ।মামণি ৰয়ছম গোস্বামীক ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ উদ্যোগত মৃত্যু দিৱস পালন কৰে৷ সদ্য প্ৰয়াত অভিনেতা বিজু ফুকন আৰু জ্ঞানপীঠ বটাঁ বিজয়ী সাহিত্যিক মামণি ৰয়চম গোস্বামীক সোঁৱৰী এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় ডিব্রুগড় বিশ্ববিদ্যালয়ত।

সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ সঞ্চালক প্রফেচাৰ সত্যকাম বৰঠাকুৰ পৌৰহিত্যত অনুষ্ঠিত হয় চিৰ সেউজ অভিনেতা বিজু ফুকন আৰু স্বনামধন্য সাহিত্যিক ড০ মামণি ৰয়চম গোস্বামীৰ ষষ্ঠ বাৰ্ষিক মৃত্যু বাৰ্ষিকী৷ স্মৃতিচাৰণ সভাত ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ডঃ প্ৰাণজিৎ বড়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মামণি ৰয়চম গোস্বামী সোঁৱৰণী বক্তব্য প্ৰদান কৰে।

বক্তব্যত তেঁও জ্ঞানপীঠ বটাঁ বিজয়ী বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক ড০ মামণি ৰয়চম গোস্বামী (মামণি বাইদেউ) অসমীয়া সাহিত্য জগতৰ এক বিৰল প্ৰতিভাধৰ ব্যক্তি, তেঁওৰ ৰচনাৱলীতেই তেঁওৰ জীৱনৰ প্ৰভাব স্পষ্টৰূপত উপস্থাপন কৰিছে বুলি কৈ মামণি বাইদেৱে সংঘাতপূৰ্ণ ব্যক্তিগত জীৱনৰ সমগ্ৰ যন্ত্ৰণাক প্ৰত্যাহ্বান জনাই সমস্ত শক্তি আৰু প্ৰতিভা সৃজনীশীল আৰু ইতিবাচক সৃষ্টিত ব্যৱহাৰ কৰি তেওঁ অসম তথা অসমীয়া সাহিত্যক ধন্য কৰি থৈ গৈছে বুলি মন্তব্য কৰে।

ভাষণ প্ৰসংগত বড়াই ড০ গোস্বামীৰ সাহিত্য কৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্যক প্ৰতীয়মান কৰিলেও তেওৰ প্ৰকাশভংগী অত্যন্ত সংবেদনাশীল, যাৰ কাপেৰে নিগৰা মামৰে ধৰা তৰোৱাল, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা আদি উল্লেখযোগ্য উপন্যাস অসমৰ আৰু ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে বুলিও উল্লেখ কৰে। ইপিনে সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ ছাত্ৰী স্বপ্নালী শইকীয়া ভূঞাই বিজু ফুকন সোঁৱৰণী বক্তব্য আগবঢ়ায়।

নিজৰ বক্তব্যত তেঁও বিজু ফুকনে অসমীয়া বোলছবি জগতৰ লগতে অসমৰ সমাজ, কলা-সংস্কৃতি পথাৰ খনলৈ নিজৰ স্বকীয় শৈলি আৰু ব্যক্তিত্বৰে নিৰলস ভাৱে অভিনয়, কলা-কৌশলেৰে জাতিটোলৈ সেৱা আগবঢ়াই যোৱা বুলি কৈ, তেঁওৰ অমূল্য অৱদানখিনি ভৱিষ্যত প্ৰজন্মৰ বা‌বে প্ৰেৰণাৰ উৎস, ইয়াক চৰকাৰ-প্ৰশাসনে সঠিকভাৱে সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে ব্যৱস্থা লোৱা উচিত। শিল্পী সকলৰ মৃত্যুৰ পিছত কিয়, জীৱন্ত কালতে শিল্পীৰ মূল্যাংকন কৰি শিল্পক সন্মান প্ৰদৰ্শন কৰিলে সমাজৰ হিতকৰ বুলি উল্লেখ কৰে।

মনকৰিব লগীয়া কথা যে, অহা বৰ্ষৰ পৰা সাংবাদিকতা আৰু গণসংযোগৰ শিক্ষাৰ্থীসকলৰ সামাজিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনৰ অৰ্থে অতিকে মহান শিল্পী, সাহিত্যিক, ব্যক্তি, আৰু বিভিন্ন উল্লেখযোগ্য দিৱস উৎসৱ সমূহ শৈক্ষিক দিনপঞ্জী অনুসৰি নিয়মীয়াকৈ উদযাপন কৰাৰ হ'ব বুলি সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ সঞ্চালক ড০ সত্যকাম বৰঠাকুৰে ঘোষণা কৰে। সভাত সহকাৰী অধ্যাপিকা কান্তা কাৱেৰী সোণোৱালে মামণি ৰয়চম গোস্বামীৰ মৃত্যু দিৱসৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ উপৰিও প্ৰয়াত বিজু ফুকনৰ শোক-সন্তপ্ত পৰিয়াললৈ শোকপ্ৰস্তাৱ সহ সমবেদনা জ্ঞাপন কৰে। সভাত কেন্দ্ৰৰ সহকাৰী অধ্যাপকবৃন্দ অভিজিৎ সন্দিকৈ, জেন্নিফাৰ ছাহিন হুছেইন আৰু মনজিৱ মুছাহাৰী উপস্থিত থাকে।

NNO আজাৰাঃ জ্ঞানপীঠ বঁটা বিজয়িনী মামণি বাইদেৱে জীৱিত কালত মানৱ সেৱা উচ্চ নিদৰ্শন দাঙি ধৰি দাতাল হাতীৰ উয়ে খোৱা হাওদা নামৰ বিখ্যাত উপন্যাসৰ পাতে পাতে জিলিকি থকা জগলীয়া নৈৰ পাৰ ৰিং এটাৰ দুৰত্বত অৱস্থিত জন্মস্থান আমৰঙ্গাত নিজৰ সাহিত্যৰাজীৰ পুৰস্কৃত ধনেৰে নিৰ্মাণ কৰিছিল স্বৰ্গীয় পিতৃ তথা উত্তৰপুৰুষৰ স্মৃতিত উমাকান্ত-চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।

মানৱ সেৱাৰ বাবে উৎসৰ্গিত এই কেন্দ্ৰতে জ্ঞানপীঠ বঁটা বিজয়িনী ড০ মামণী ৰয়ছম গোস্বামী ষষ্ঠ মৃত্যু বাৰ্ষিকী মামণী ৰয়ছম গোস্বামী স্মৃতিৰক্ষা সমিতি আমৰঙ্গা-বৰিহাট সৌজন্যত দিনজোৰা কাৰ্যসূচীৰ উদযাপন কৰা হয়। পুৱা ১০ বজাত স্মৃতিৰক্ষাৰ সভাপতি লক্ষী ঠাকুৰীয়াই পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে বাইদেউৰ ষষ্ঠ বাৰ্ষিকী মৃত্যু তিথিৰ।

ইয়াৰ পিছতে স্বাস্থ্য কেন্দ্ৰত স্থাপন হৈ থকা মামণি ৰয়চম গোস্বামীৰ প্ৰতিমুৰ্তি আৰু প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে। অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসঙ্গ, বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে মামণি ৰয়ছম গোস্বামী মিৰ্জা চকত কেন্দ্ৰীয় ভাৱে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত মামণী বাইদেউৰ শ্ৰদ্ধঞ্জলি অনুষ্ঠান উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি পুৱা ৬ বজাত ড০ মামণি ৰয়ছম গোস্বামী মিৰ্জা চকত চাফাই অভিযান চলোৱা হয়। ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা, নাম প্ৰসঙ্গ আদি অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া মামণি ৰয়ছম গোস্বামী মিৰ্জা চকত সমুহীয়াভাৱে ২০০০ হাজাৰ বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠান অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।