কোকৰাঝাৰত ডি ভোটাৰৰ জাননী লাভ কৰি আত্মহত্যা জগদ্বীশৰ

কোকৰাঝাৰঃ কোকৰাঝাৰ থানাৰ অন্তৰ্গত বাগিছা গাঁৱৰ (দক্ষিণ) লোক এজনে ডি ভোটাৰৰ জাননী লাভ কৰি আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলাকালীন থকা অৱস্থাতে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আত্মহত্যা কৰা লোক জনক জগদ্বীশ সৰকাৰ (৩৫)বুলি জানিব পৰা গৈছে৷

প্ৰাপ্ত বাতৰি মতে, বাগিছা গাঁৱৰ প্ৰয়াত জলধৰ সৰকাৰৰ পুত্ৰ জগদ্বীশ সৰকাৰে কিছুদিন পূৰ্বে ডি ভোটাৰৰ জাননী লাভ কৰিছিল। তেওঁৰ নামত ডি ভোটাৰৰ জাননী অহাত জগদ্বীশ সৰকাৰে তেওঁৰ পিতৃৰ নামত থকা ভাৰতীয় নাগৰিকৰ প্ৰকৃত প্ৰমাণ পত্ৰ লৈ আইনৰ কাষ চাপিছিল যদিও তেওঁ সুফল পোৱা নাছিল বুলি পৰিয়ালৰ সদস্যই অভিযোগ কৰিছে৷ 

জগদ্বীশ সৰকাৰ প্ৰকৃততে বিদেশী নে ভাৰতীয় সেই সন্দৰ্ভত কোকৰাঝাৰ বিদেশী ন্যায়াধীকৰণত বিচাৰকাৰ্য অব্যাহত থকাৰ সময়তে জগদ্বীশ সৰকাৰৰ মৃত্যুয়ে পৰিয়ালৰ সদস্যৰ মাজত হাহাকৰ অৱস্থাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ডি ভোটাৰৰ জাননী লাভ কৰাৰ পিছতেই ভয়তে জগদ্বীশ সৰকাৰে পত্নী আৰু পুত্ৰসহ পশ্চিমবংগৰ কোনো এক অঞ্চলত দীৰ্ঘদিন ধৰি ভাড়াতীয়া হিচাপে থাকিবলৈ লৈছিল৷ 

কিন্তু শেহতীয়াকৈ জগদ্বীশ সৰকাৰে পত্নী আৰু পুত্ৰক পশ্চিমবংগৰ ভাড়াঘৰতে থৈ অসমলৈ আহিছিল আৰু জাননী অনুসৰি বিদেশী ন্যায়াধীকৰণত হাজিৰ হৈ আহিছিল। কেইদিনমান পূৰ্বে কোকৰাঝাৰ বিদেশী ন্যায়াধীকৰণে বাগিছা গাঁৱৰে কেইজনমানক বিদেশী বুলি ঘোষিত কৰাত জগদ্বীশ সৰকাৰ অত্যাধিক ভয় খায় আৰু তেওঁৰ ক্ষেত্ৰত এনে ঘটনা সংঘটিত হ'লে কি হ’ব বুলি চিন্তাত অস্থিৰ হৈ পৰে। 

তেনে এক অস্থিৰতাৰ মাজতে মানসিকভাৱে ভাগি পৰি সোমবাৰে নিশা ঘৰৰ সন্মুখতে থকা কাপোৰৰ দোকান এখনৰ বাৰাণ্ডাত চিপজৰী লৈ জগদ্বীশ সৰকাৰে আত্মহত্যা কৰে৷ উল্লেখ্য যে জগদ্বীশ সৰকাৰৰ বৃদ্ধ পিতৃ-মাতৃয়ে ইয়াৰ পূৰ্বে নিজ পুত্ৰৰ নামত অকস্মাৎ ডি ভোটাৰৰ জাননী অহাত মানসিকভাৱে ভাগি পৰিছিল আৰু কিছুদিন ধৰি পুত্ৰৰ কথা চিন্তা কৰিয়েই দুয়োগৰাকীয়েই বেমাৰত পৰি মৃত্যুমুখত পৰিছিল বুলি জগদ্বীশ সৰকাৰৰ ভাতৃ জগন্নাথ সৰকাৰে জানিবলৈ দিয়ে৷ 

তেওঁৰ পিতৃ-মাতৃয়ে ইহলীলা সম্বৰণ কৰাৰ পাছতো ডি ভোটাৰৰ জাননী পোৱা জ্যেষ্ঠ ভাতৃ জগদ্বীশ সৰকাৰে নিজ পিতৃ-মাতৃৰ সৎকাৰৰ সময়তো অসমলৈ আহিবলৈ সাহস কৰা নাছিল বুলি চাঞ্চল্যৰ মন্তব্য আগবঢ়াইছে৷ শেষ পৰ্যন্ত জগদ্বীশ সৰকাৰে বিদেশী ন্যায়াধীকৰণৰ জাননীত ন্যায়াধীকৰণত হাজিৰ হৈ আহিছিল যদিও চুড়ান্ত ৰায়দানৰ পূৰ্বে আত্মহত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।