
ধিংঃ কোনো গৰখীয়াৰ পত্নী বিশেষকৈ আখ্যান অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমত পৰা ছোৱালী,তিৰোতা সকলক নেদেখিলেও তেওলোকৰ কথা নিশ্চয় শুনিছে।
তেওলোকে কৃষ্ণৰ প্ৰেমত মতলীয়া হৈ নান অংগী-ভংগী কৰি নৃত্য কৰাৰ কথাও শুনিছে। কিন্তু কৃষ্ণৰ প্ৰেমত মতলীয়া হোৱা পুৰুষৰ কথা নুশুনিলেও মহিলাৰ কথা হে চাগে শুনিছে। প্ৰযুক্তি বিদ্যাৰ যুগত শ্ৰীকৃষ্ণৰ প্ৰেমত পৰা পুৰুষ মঙলবাৰে বহু ওলাল নগাঁৱত ৷
গোপী ভাও ধৰিলে বহু পুৰুষে৷ পুৰষসকলে মহিলাৰ ভাও ধৰি শৰতৰ শাৰদী কোলাত যেন ডুব গল৷ যেনে দৰে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়াত ডুব গৈছিল ছোৱালী,তিৰোতা সকল ৷
কণমানি জনীৰ পৰা ধৰি বৃদ্ধাগৰাকীয়েও খোল-তালৰ চেৱে চেৱে ককাল ঘুৰাই নৃত্য আপোনালোকে নিশ্চয় দেখিছে৷ কিন্তু নগাঁৱৰ চকলাঘাটত দেখা গল বহু পুৰুষে গোপী ৰূপ ধাৰণ কৰি নৃত্যত অংশ গ্ৰহণ কৰাৰ এক ব্যতিক্ৰমী দৃশ্য৷
চকলাঘাটৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা যুৱকসকলে প্ৰমাণ কৰি দেখুৱালে যে পুৰুষসকল সদায় আগৰণুৱা আৰু পুৰুষেও ককাল ঘুৰাব জানে৷ সেইবাবে তেওঁলোকে ৰাস মহোৎসৱত অংশ কৰি গোপীৰ সাজত নৃত্য প্ৰদৰ্শন কৰি দৰ্শক সকলক অভিভুত কৰিবলৈ সক্ষম হয়৷