প্ৰবীন মুক্তিযোদ্ধা, স্বাধীনতা সংগ্ৰামী অৰবিন্দ ডেকাৰ পৰলোক

গোৰেশ্বৰঃ বাক্সা জিলাৰ নাওকাটা নিবাসী প্ৰবীন মুক্তিযোদ্ধা অৰবিন্দ ডেকাই আজি পুৱতি নিশা তিনি মান বজাত ৯১ বছৰ বয়সত পৰলোক গমন কৰে। নাওকাটাৰ বড়িগাঁৱত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰা মুক্তিযোদ্ধা গৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

১৯২৬ চনৰ পাঁচ মে'ত গোৰেশ্বৰ ৰাজহ চক্ৰৰ গুৰমৌ গাঁৱত জন্মগ্ৰহণ কৰা অৰবিন্দ ডেকাৰ পিতৃ প্ৰয়াত ভদ্ৰেশ্বৰ ডেকা আৰু মাতৃ প্ৰয়াত ধৰ্মেশ্বৰী ডেকা। কামৰূপ জিলাৰ কৰৰা হাইস্কুলত সপ্তম শ্ৰেণীলৈ অধ্যয়ন কৰা অৰবিন্দ ডেকাই সমাজ চেতনা আৰু সামাজিক দায়বদ্ধতাৰ বাবে ছাত্ৰাৱস্থাৰ পৰাই সমাজৰ কামত জড়িত হৈ পৰিছিল। ১৯৪২ চনৰ পহিলা জানুৱাৰীত ১৬ বছৰ বয়সত জাতীয় কংগ্ৰেছ দলত যোগদান কৰে অৰবিন্দ ডেকাই।

মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলন আৰু তাৰ পূৰ্বে গন আন্দোলনত সক্ৰিয় ভাৱে জড়িত হৈ পৰে মুক্তিযোদ্ধা গৰাকী। সেই সময়ত বৃহত্তৰ উত্তৰ কামৰূপত স্বাধীনতা আন্দোলনক গতি দিবলৈ অৰবিন্দ ডেকাই যি ভূমিকা গ্ৰহণ কৰিছিল তাক স্বীকাৰ কৰিবই লাগিব৷ বৃটিছ সমৰ্থনকাৰীক বাধা দিয়াৰ পৰা বৃটিছ শাসক সকলৰ কাম কাজত অসহযোগ কৰা আদি কামৰ নেতৃত্ব দিছিল মুক্তিযোদ্ধা গৰাকীয়ে।

গাঁৱে-ভূঁঞে বৃটিছ অপশাসনৰ বিৰুদ্ধে ৰাইজক সংগঠিত কৰি দেশ স্বাধীন কৰাৰ সপোন ৰচিছিল। আন্দোলনত জড়িত থকাৰ অপৰাধত ৰঙিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। মুঠ ৯ মাহ কাল জেল হাজোতত কটাই মুক্ত হৈ অহাৰ পিছত পুনৰ দেশ নিৰ্মাণৰ কামত মানুহক সংগঠিত কৰাত ব্যস্ত হৈ পৰে।

আন্দোলনৰ সময়ছোৱাত বৃহত্তৰ গোৰেশ্বৰত গঠিত শান্তি সেনাৰো নেতৃত্ব বহন কৰিছিল অৰবিন্দ ডেকাই। তেওঁৰ নেতৃত্বত মুঠ এশ শান্তি সেনানী পৰিচালিত হৈছিল। শান্তি সেনাৰ নেতৃত্বতে তেতিয়াই গুৰমৌৰ পৰা দেউলকুছিলৈ পথটো নিৰ্মাণ কৰা হৈছিল।

প্ৰবল স্মৃতিশক্তিৰ গৰাকী মুক্তিযোদ্ধা গৰাকীয়ে জীৱনৰ শেষ দিনলৈ দেহাই টনালৈ সমাজ এৰা নাছিল। ৰুগীয়া দেহাৰে হ'লেও সভা-সমিতি আদিত ব্যস্ত থাকি সমাজক মাৰ্গ দৰ্শন দিছিল মুক্তিযোদ্ধা গৰাকীয়ে। বিতচকু কেতিয়াও নলোৱাকৈ বাতৰি কাকত, আলোচনী আদিত চকু ফুৰাই সমাজৰ বিভিন্ন বা-বাতৰি আৰু ভূ ৰাখিছিল মুক্তিযোদ্ধা ডেকাই৷

তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ কৰিছে। গোৰেশ্বৰ প্ৰেছ ক্লাৱ, জাফাৰ বাক্সা জিলা সমিতি, গোৰেশ্বৰ প্ৰেছ গীল্ড, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বাক্সা জিলা ৰাভা ছাত্ৰ সন্থা, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ, সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান কস্তুৰী আদি বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰিছে৷