যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ পত্নীক হত্যাৰ চেষ্টা চলাই নিজে কৰিলে আত্মহত্যা

newsnextone.com | তেজপুৰ টাউনঃ তেজপুৰত সংঘটিত এক অমানৱীয় কাণ্ডই সংস্কৃতি নগৰী খ্যাত তেজপুৰৰ চহৰত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ তেজপুৰৰ ৰাধিকাপুৰ বাকৰি গাঁৱত শনিবাৰে নিশা পত্নী কল্পনা দেৱীক চোকা অস্ত্ৰৰে হত্যাৰ অপচেষ্টা চলায় স্বামী জীতেন নাথে। 

জানিব পৰা মতে, পত্নীৰ পৰ পুৰুষৰ লগত শাৰিৰীক সম্পৰ্ক থকাৰ সন্দেহ কৰি কয়দী স্বামী জীতেন নাথে পত্নীক হত্যাৰ অপচেষ্টা চলোৱাৰ পিছত নিজে আত্মহত্যা কৰে৷ 

উল্লেখ যোগ্য যে, ২০০১ চনত নিজৰ সখিয়েক বিদুল দাসক হত্যাৰ গোচৰত আদালিতে জীতেন নাথক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল৷ ইয়াৰ পিছতে কয়দী জীতেনে ২০০৩ চনৰ পৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৱাসৰ জীৱন কটাই আছিল৷ যোৱা ২৮ আগষ্টত তেওঁক আদালতে ২০ দিনৰ বাবে পেৰলত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ পিছতে শনিবাৰে নিশা তেওঁ পত্নীক হত্যাৰ অপচেষ্টা চলাই নিজে চীপ লৈ আত্মহত্যা কৰে৷ 

ইফালে, নিশা পত্নীৰ চিঞৰ-বাখৰ শুনি চুবুৰীয়া লোক গোট খাই আৰু সংকটজনক অৱস্থাত পত্নী কল্পনা দেৱীক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও অধিক ৰক্তক্ষৰণ হোৱাত উন্নত চিকিৎসাৰ বাবে নিশায়েই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

এই ঘটনাৰ বিষয়ে দেওবাৰে পোহৰলৈ অহাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু পিছত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত স্থানীয় বেবেজীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷