কোকৰাঝাৰৰ চিৰাংত হাতী-মানুহৰ সংঘাত, নিহত এক

কোকৰাঝাৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। হাতী-মানুহৰ সংঘাতক কেন্দ্ৰ কৰি ৰাজ্যত কেবাগৰাকী ব্যাক্তিয়ে প্ৰাণ হেৰুওৱাৰ পিছত কালি নিশা পুণৰাই হাতীৰ আক্ৰমনত এগৰাকী ব্যাক্তি নিহত হোৱা ঘটনাই হাতী মানুহৰ সংঘাতে যে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে সেয়াই প্ৰমানিত হৈছে।

হাতীৰ আক্ৰমনত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ব্যাক্তিগৰাকীক ভাৰত ভূটান সীমান্তৰ দাদগিৰি, ৪ নং বনগাঁও, হাতিচাৰৰ চিৰাং জিলাৰ লংকেশ্বৰ বসুমতাৰী (৪৩) বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি কালি নিশা ৮:৩০ মান বজাত ভাৰত ভূটান সীমান্তৰ চিৰাং জিলাৰ হাতিচাৰৰ ৪ নং বনগাঁওত ভূটানৰ পৰা চাৰি -পাঁচটা হাতীয়ে প্ৰৱেশ কৰে।

হাতীৰ জাকটোক পুনৰাই জংঘললৈ উভতাই পঠাবলৈ গাঁওৱাসীয়ে প্ৰচেষ্ঠা কৰাৰ সময়তে হাতীৰ জাকটোৱে লংকেশ্বৰক আক্ৰমন কৰে। হাতীৰ আক্ৰমনত লংকেশ্বৰ বসুমতাৰী ঘটনাস্থলীতে নিহত হয়। লক্ষণীয়ভাৱে লংকেশ্বৰক হত্যা কৰি হাতীৰ জাকটো পুণৰাই ভূটানৰ গভীৰ জংঘললৈ উভতি যায়। ঘটনাৰ পিছতে গাঁওৱাসীয়ে চিৰাং বন বিভাগত ঘটনাৰ বিষয়ে অৱগত কৰে।

উল্লেখ্য যে অতি সাধাৰণভাৱে খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰা লংকেশ্বৰে মৃত্যুৰ পূৰ্বে পত্নী আৰু চাৰিজনকৈ নাৱালক সন্তান এৰি থৈ যায় । স্থানীয় গাঁওৱাসীয়ে হাতী -মানুহৰ সংঘাত নিৰাময় কৰিবলৈ বন বিভাগক আহ্বান জনোৱাৰ লগতে লংকেশ্বৰ বড়োৰ দূৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ বিটিচি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।