
বালিপৰাঃ ৰাজ্য খনত প্ৰতিদিনে হাতী-মানুহৰ সংঘাত সংঘটিত হৈ আহিছে৷ এই সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ হাতীৰ জাকৰ উপদ্ৰৱত ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ জিলাখনৰ জামুগুৰিহাটৰ টোভঙাৰ যোগীবস্তিত শুকুৰবাৰে নিশা বনৰীয়া হাতীয়ে পুনৰ সন্ত্ৰাস চলাই। নিশা হাতীৰ জাকে টোভঙাৰ যোগীবস্তিৰ ১৭টা পৰিয়ালৰ বাসগৃহ ভাঙি তচ-নচ কৰে৷ কেইবাটাও পোহনীয়া গৰু, ছাগলী আৰু গাহৰিক হাতীৰ জাকে আক্ৰমণ কৰাৰ ফলত মৃত্যু হয়৷ প্ৰায় ১৫ লাখৰো
অধিক টকাৰ সম্পত্তি নষ্ট হয় পৰিয়াল কেইটাৰ৷ নামেৰী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী জাকক বনবিভাগে খেদি পঠোৱাৰ ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ বছৰ বছৰ ধৰি বনৰীয়া হাতীয়ে জামুগুৰিহাটত সন্ত্ৰাস চলাই আহিছে যদিও চৰকাৰে বনৰীয়া হাতীৰ পৰা জনসাধৰণক সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হয়৷ হাতীয়ে ঘৰ ভঙা পৰিয়াল সমূহৰ বুজ লয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে বনৰীয়া হাতীৰ পৰা ৰাইজক সুৰক্ষা প্ৰদানৰ আশ্বাস দিয়ে বিধায়ক হাজৰিকাই।