
ছিপাঝাৰঃ বিশ্বৰ মানুহে জানে অসমক সোণালী সুতাৰ দেশ বুলি৷ মূলত ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ সমীপৰ বস্ত্ৰ নগৰী শুৱালকুছিক সোণালী সুঁতাৰ দেশ বুলি কলে নিশ্চয় বঢ়াই কোৱা ন’হব৷ শুৱালকুছিৰ শিপিনীৰ কোমল হাতৰ পৰশত প্ৰাণ পায় উঠে ৰিহা, মুগা, পাটৰ বস্ত্ৰই৷ পূৰ্বে বিশেষকৈ মুগাৰ মেখেলা চাদৰ কেৱল মহিলাসকলে বেছিকৈ ব্যৱহাৰ কৰা দেখা গৈছিল৷ কিন্তু লাহে লাহে সময় সলনি হৈ মুগাৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি হ’ল৷
আজি দেশ-বিদেশত মুগাৰ চাহিদাৰ ব্যাপক হাৰত বৃদ্ধি হোৱাৰ লগে লগে কেৱল মেখেলা-চাদৰতে মুগা আৱদ্ধ থকা হৈ থকা নাই৷ মুগাৰ জৰিয়তে নানা তৰহৰ পুৰুষ-মহিলাৰ বস্ত্ৰ তৈয়াৰি কৰি বিশ্বৰ বজাৰত খলকনি লগাইছে৷ কবলৈ গ’লে মুগা যেন ফেশ্বনত পৰিণত হ’ল৷ মুগা সুতাৰে মেখেলা-চাদৰৰ লগতে চাৰ্ট, শাড়ী, চুৰিদাৰ আদিৰ লগতে সময়ে সময়ে বিচনাত পাৰিবলৈ বিশেষ বিচনা চাদৰৰ লগতে, টুপি ঘৰৰ দৰ্জা-খিৰিকিৰ পৰ্দা লগোৱা দেখা যায়৷ কিন্তু তাৰ পিছতো মানচেষ্টাৰ খ্যাত সোণালী সুঁতাৰ নগৰী শুৱালকুছিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিপিনীসকলে বিভিন্ন সমস্যা, অভাৱত পৰাও দেখা যায়৷
এখন উপয়ুক্ত বজাৰৰ অভাৱত ৰিহা, মুগা, পাটৰ বস্ত্ৰই উচিত মুল্য নোপোৱাৰ অভিযোগ উত্থাপন হয়৷ উপযুক্ত দৰ নোপোৱাৰ লগতে মুগা সুতাৰ দাম দিনক দিনে বৃদ্ধি হৈ অহাত সমস্যাত পৰিলেও মহিলাসকলে এই কামৰ পৰা পিছৱাই অহা নাই৷ মুগাৰ উৎপাদনৰ ক্ষেত্ৰত নামনিৰ কামৰূপ, দৰং, বাক্সা, নলবাৰী, উজনিৰ যোৰহাট, ডিব্ৰুগড়ৰ লগতে শিৱসাগৰ জিলাৰ নাম আছিল৷ কিন্তু কামৰূপ জিলাৰ সৈতে আজিও ৰাজ্য খনৰ কোনো জিলাই ফেৰ মাৰিব পৰা নাই৷
কামৰূপৰ শুৱালকুছি বিশ্বৰ বিখ্যাত৷ ৰেচম উৎপাদন তথা মুগা উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত লেখত লবলগীয়া ঠাই শুৱালকুছি৷ তাৰ মাজতে লাহে লাহে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন লোকে ইয়াৰ ব্যৱসায় তথা উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে৷ এই আপুৰুগীয়া শিল্পবিধৰ জৰিয়তে ভাল ব্যৱসায় কৰি একাংশ মহিলা স্বাৱলম্বী হৈছে৷ অসমৰ পৰম্পৰা ধৰি ৰখাৰ লগতে নিজৰ পৰিয়ালক আৰ্থিক দিশ টনকিয়াল কৰিছে বহু লোকে৷ শুৱালকুছিৰ পৰা বিভিন্ন ঠাইলৈ বিস্তাৰিত হৈছে এই ব্যৱসায়৷
তাৰ মাজতে এখন গাঁৱে ইতিহাস ৰচনা কৰিছে৷ দৰং জিলাৰ এখন গাঁৱে সোণালী সুতাৰ বিপ্লৱ আৰম্ভ কৰিছে৷ ৰেচম শিল্পৰে স্বাৱলম্বী হৈছে গাঁও খন। গাঁও খনৰ ১০০ শতাংশ লোকেই পাট সূতা উৎপাদন কৰা আৰু নুনিগছৰ খেতি কৰাৰ লগতে পাট পলু পুহি জীৱন নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে। ছিপাঝাৰ সমষ্টিৰ ঐতিহ্যমণ্ডিত হালধা গাঁৱৰ ১০০ শতাংশ লোকেই পাট পলু পুহি সুতা কাটি কাপোৰ বোৱে৷ পুৱাৰে পৰা গাঁও খনৰ লোকসকলে ব্যস্ত হৈ পৰে সুতা, বোৱা আদি কাৰ্যত৷
গাঁও খনে এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিঘৰ মানুহেই ভাল টকা উপাৰ্জন কৰে৷ গাঁও খনৰ ৰেৱন চৌধুৰি নামৰ এগৰাকী শিক্ষক শিক্ষকতা বৃত্তি ত্যাগ কৰি প্ৰথমে এই কামৰ সৈতে জড়িত হৈ পৰিছিল৷ তাৰ পিছৰে পৰা গাঁও খনত বিপ্লৱৰ সূচনা হয়৷ ছিপাঝাৰৰ হালধা নামৰ বিশেষ গাঁও খনে ৰেচম পালনৰ জৰিয়তে এক আদৰ্শ দাঙি ধৰিছে। ৰেৱন চৌধুৰি এতিয়া সকলোৰে আদৰ্শ৷ তেওক এই বিপ্লৱৰ হোতা আখ্যা দিয়ে মানুহে৷ এতিয়া গাঁও খনত বহু মানুহে মেখেলা চাদৰ কিনিবলৈ আহে৷ বহু ব্যৱসায়ীয়ে গাঁও খনৰ পৰা বোৱা কাপোৰ কিনি নি ব্যৱসায় কৰে৷
গাঁও খনৰ মুঠ ১৪৫ ঘৰ মানুহৰ পুৰুষ-মহিলা উভয়ে এই কামৰ সৈতে জড়িত হৈ এক নিদৰ্শন দাঙি ধৰিছে৷ তথ্য মতে, পাল ৰাজবংশৰ ৰজা ধৰ্মপালে বোৱনী পৰিয়ালক যঠেষ্ট মৰ্যদা দিছিল৷ প্ৰায় এঘাৰ শতিকাত পাল ৰজাই শুৱালকুছিলৈ লৈ আহিছিল শিপিনী। মোগলক পৰাস্ত কৰি শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়ন শিল্প ভালকৈ গঢ় লৈ উঠে।
পূৰ্বে কেৱল তাঁতী জনগোষ্ঠীৰ লোকৰ মাজতে এই শিল্প সীমাবদ্ধ আছিল বুলি কোৱা হয় যদিও এতিয়া সময় সলনি হ’ল৷ ৰাজ্য খনৰ বিভিন্ন জনগোষ্ঠীৰ লোকেও এই কামত জড়িত হৈ এখন এখন ঘৰ চলোৱাৰ লগতে সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিছে৷ শেহতীয়াকৈ দৰং জিলাৰ মানচেষ্টাৰ হালধাৰ কথাকে কব পাৰি৷ হালধাত এতিয়া পুৱাৰে পৰা শালৰ শব্দৰে ৰজন-জনাই৷ আৱাল-বৃদ্ধ-বনিতাৰ পৰা আৰম্ভ কৰি পুৰুষেও শালত বহা দেখা যায়৷ চৰকাৰৰ পৰা সহায়-সহযোগ নাপালেও হালধা গাঁৱে পিছপৰি নাথাকে ৷ কিয়নো হালধাত আৰম্ভ হৈছে সোণালী বিপ্লৱৰ৷