ঘোচ লৈ জালত পৰিল গজেন কোঁচ

ৰঙিয়াঃ ৰাজ্য চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানেও বিভিন্ন চৰকাৰী কাৰ্যালয়ত টকা ঘোচ নিদিলে কাম নকৰে বুলি অভিযোগ উত্থাপন হৈ আহিছে। ৰাজ্যত যেন আজিও অব্যাহত আছে দুৰ্নীতি-অনিয়ম। চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ৰঙিয়াত টকা ঘোচ লৈ থাকোতেই জালত পৰিল এগৰাকী মণ্ডল৷ 

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই শনিবাৰে ৰঙিয়াত অতৰ্কিতে অভিযান চলাই ঘোচলৈ থকা অৱস্থাতে গজেন কোঁচ নামৰ মণ্ডলগৰাকীক গ্ৰেপ্তাৰ কৰে৷ ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ৰঙিয়াৰ পূৱ কছাৰী মহল লাটৰ মণ্ডল গজেন কোঁচে দীৰ্ঘদিন ধৰি ভূমিৰ কিনা-বেচা, নামজাৰীকে ধৰি বিভিন্ন কামৰ বিপৰীতে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈ আহিছিল৷

ৰঙিয়াৰ পূৱ কছাৰী মহল লাটৰ মণ্ডল গজেন কোঁচে দীৰ্ঘদিন ধৰি ভূমিৰ কিনা বেচা, নামজাৰীকে ধৰি বিভিন্ন কামৰ বিপৰীতে ৰাইজৰ পৰা টকা লৈ আহিছিল। এগৰাকী লোকক মাটিৰ কাম কৰি দিয়াৰ বাবে উৎকোচ বিচাৰি হাৰাশাস্তি কৰি আহিছিল৷ মণ্ডলজনে টকা নিদিয়াৰ ফলত কাম নকৰাত লোকজনে অৱশেষত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে। 

লোক জনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই বিশেষ পাউদাৰৰ প্ৰলেপ দিয়া কেইখনমান ৫০০ টকীয়া নোট দি মণ্ডলজনৰ কাষ চাপিব দিয়ে৷ পাউদাৰবিধৰ বিশেষত্ব হ’ল ই পানীত মিহলি কৰিলে পানীখিনি ৰঙা হয়৷ লোকজনে মণ্ডলজনৰ তাগিদা মতে তেওঁক নোটকেইখন দিয়াৰ লগে লগে কাৰ্য়ালয়টোত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে মণ্ডলজনক আটক কৰে ৷ 

এগৰাকী ডি এছ পিৰ নেতৃত্বত অহা দলটোৱে লগে লগে মণ্ডলজনৰ হাত দুখন এবাল্টি পানীত সোমাই দিয়াত পানীখিনি বৰণ ৰঙা হৈ পৰে৷ ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে মণ্ডলজনক কাৰ্যালয়টোৰ এটা কোঠাত দীৰ্ঘ সময় জেৰা কৰে৷ জেৰাত মণ্ডলজনে ৰাজহ বিষয়াৰ কাৰ্যালয়টোৰ বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে৷ দলটোৱে পিছত মণ্ডলজনক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আহে৷