গাঁঠিৰ ধনেৰে বৰঘৰ সাজিলে চতেমাৰীবাসীয়ে

নলবাৰীঃ নাম ঘৰ মন্দিৰ অসমীয়া সমাজ ব্যৱস্থাৰ বৰঘৰ বুলি কোৱা হয়৷ কিয়নো গাঁও খন নতুবা সমাজ খনৰ লোকসকল নামঘৰ নতুবা মন্দিৰটোতে গোট খাই অসমীয়াৰ বিভিন্ন পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক কৃষ্টি ধৰি ৰখাৰ প্ৰয়াস কৰে৷ নিজৰ লগতে সমাজ মংগলৰ বাবে মানুহে প্ৰাৰ্থনা-উপাসনা কৰে মন্দিৰ নতুবা নামঘৰটোতে৷

এনে এটা বৰঘৰ নিৰ্মাণৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে এটা অঞ্চলৰ লোক৷ আৱাল বৃদ্ধ, ডেকা সকলোৱে ব্যস্ত হৈ পৰিছে মন্দিৰটো নিৰ্মাণৰ বাবে৷ সমানে সমানে ৰাইজৰ দীৰ্ঘ দিনিয়া সপোন পূৰণ হোৱাত উৎফুল্লিতও হৈ পৰিছে৷ বছৰ বছৰ ধৰি গাঁঠিৰ ধন গোটাই মন্দিৰ নিৰ্মাণৰ বাবে ৰাইজ ব্যস্ত হৈ পৰাৰ লগতে উৎফুল্লিত হৈ পৰিছে৷ নলবাৰী জিলাৰ মুকালমুৱাত ৰাইজে নিৰ্মাণ কৰিছে এই মন্দিৰটো৷

নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলৰ ৭৫ বছৰ গঢ়কা ঐতিহ্যমণ্ডিত নিৰ্মাণ কাৰ্য আৰম্ভ কৰে দেওবাৰে। মুকালমুৱাৰ সমীপৰ চতেমাৰী নামৰ ঠাইত নিৰ্মাণ কৰিছে এই মন্দিৰটো৷ বছৰ বছৰ ধৰি গাঁঠিৰ ধন জমা কৰি তথা অঞ্চলটোৰ একাংশ লোকে বিশেষ ভাবে সহায় কৰে মন্দিৰটো পকী কৰিবলৈ।

সাহিত্য, সংস্কৃতিৰ ভড়াল এতিহাসিক নলবাৰীৰ মুকালমুৱাৰ লোকে প্ৰমাণ কৰিলে ৰাইজে অসমৰ তাহানিৰ ইতিহাস পাহৰিব খোজা নাই৷ তাহানি সকলোৱে একত্ৰিত হৈ সমাজৰ কাম কৰাৰ দৰে তথ্য আৰু প্ৰযুক্তি বিদ্যৰ যুগতো আজিও সমাজখন সম্প্ৰীতিৰ কটকটীয়া এনাজৰীৰে বান্ধ খাই আছে৷