
মঙলদৈঃ সমগ্ৰ দেশতে প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰা হয়। অসমত ৰাজ্য চৰকাৰ তথা বিভিন্ন জিলাৰ প্ৰশাসনৰ উদ্যোগত প্ৰেছ দিৱস পালন কৰা হয়৷ সাংবাদিকতাৰ পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থক সাৰোগত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰখাৰ বাবে ১৬ নৱেম্বৰত প্ৰেছ দিৱস পালন কৰা হয়৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰং জিলা প্ৰশাসনৰ উদ্যোগত সদৰ মঙলদৈত প্ৰেছ দিৱস পালন কৰা হয়৷ জিলা প্ৰশাসনৰ উদ্যোগতো উপায়ুক্তৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰশাসনৰ উদ্যোগত ‘ সংবাদ মাধ্যমৰ সন্মুখৰ প্ৰত্যাহ্বান’ শীৰ্ষক বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷
জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কাৰ্যসূচীত উপস্থিত থাকি সাংবাদিকৰ আৰ্থিক অৱস্থা ভাল নহয় বুলি কয়৷ যাৰ ফলত সাংবাদিকে দুৰ্বিষহ জীৱন কটোৱা বুলি কয়৷ সংবাদ প্ৰতিষ্ঠান সমূহে মাজেথি আয়োগে নিৰ্ধাৰণ কৰি দিয়া আইন বলবৎ কৰিলেহে সাংবাদিকসকলে জনসাধৰনৰ সেৱাত আগবাঢ়িব পাৰিব বুলি কয়৷ আলোচনা চক্ৰত অতিৰিক্ত উপায়ুক্ত নৰনাৰয়ণ নাথ, বিশিষ্ট শিক্ষাবিদ নগেন শৰ্মাই অংশ লৈ ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত কেইবাটাও প্ৰেছ ক্লাৱৰ সাংবাদিক উপস্থিত থাকে৷