
আগৰতলাঃ ত্রিপুৰাৰ প্রাক্তন মুখ্যমন্ত্রী মানিক সৰকাৰৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণৰ এটা ঘটনা পোহৰলৈ আহিছে। শুকুৰবাৰে বিয়লি ত্রিপুৰাৰ বিশালগড় মহকুমা চি পি এমৰ কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি আগৰতলালৈ ওভতি অহাৰ পথত বর্ষীয়ান চি পি এম নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ কনভয়ত কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি বাহনৰ ক্ষতি সাধন কৰে।
প্রাক্তন মুখ্যমন্ত্রীজনৰ ওপৰিও দুৰ্বৃত্তই চি পি এমৰ জ্যেষ্ঠ নেতা নাৰায়ণ চৌধুৰীৰ বাহনতো আক্ৰমণ চলাই ক্ষতি সাধন কৰে। ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পুলিচ কনভয়দি প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ লগতে অন্য চাৰিজন চি পি এম নেতাক আগৰতলালৈ লৈ আহে।
বিশালগড় আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়লৈকে কোনো এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই কাণ্ডত বি জে পিৰ অাশিস থকা কোনোবা দুষ্কৃতিকাৰী জড়িত বুলি চি পি এম দলৰ সমর্থকসকলে অভিযোগ উত্থাপন কৰিছে। চি পি এম দলে দোষীক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায়।
ঘটনাটো সদৰি হোৱাৰ পাছত মানিক সৰকাৰৰ দৰে এজন নিকা ৰাজনীতিবিদৰ ওপৰত এনেধৰণৰ আক্ৰমণক সচেতন লোাকে সৰ্বত্ৰে ধিক্কাৰ দিয়াৰ লগতে দোষীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে।