ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিলে মনোৰ‌ঞ্জন দত্তই

গুৱাহাটীঃ দেশৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পঞ্চদশ দীক্ষান্ত সমাৰোহ যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। দীক্ষান্ত সমাৰোহত বহু শিক্ষাৰ্থীক ডিগ্ৰী-ডিপ্লমা আৰু পদক প্ৰদান কৰা হয়। সমাৰোহৰ অনুষ্ঠিত হৈ যোৱাৰ পিছতে লখিমপুৰ জিলাৰ ঢকুৱাখনাবাসী আনন্দিত হৈ পৰে৷

লখিমপুৰৰ জিলাৰ সু-সন্তান মনোৰ‌ঞ্জন দত্তক সদ্যঘোষিত পদাৰ্থবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত ৮৭.২০ শতাংশ নম্বৰসহ উৰ্ত্তীণ হোৱাত ঢকুৱাখনাবাসী আনন্দিত হৈ পৰা পৰিলক্ষ্ষিত হয়৷ পঞ্চদশ দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সৰ্বোচ্চ সন্মান সোণৰ পদক প্ৰদান কৰে মনোৰ‌ঞ্জন দত্তক।

শৈশৱৰ পৰা অত্যন্ত মেধা শক্তিৰে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচন সহ প্ৰথম বিভাগত, উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত ষ্টাৰসহ প্ৰথম বিভাগত আৰু ২০১৫ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পদাৰ্থবিজ্ঞান বিভাগৰ চূড়ান্ত পৰীক্ষাত উত্তৰ লখিমপুৰ কলেজৰ পৰা ৯০.৫০ শতাংশ নম্বৰসহ প্ৰথম শ্ৰেণীৰ প্ৰথমস্থান দখল কৰি উৰ্ত্তীণ হয়৷

যাৰ ফলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক সন্মান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ জালভাৰীৰ বাসিন্দা তথা পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পুষ্প দত্ত আৰু মহাত্মা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিদ্যা দত্তৰ প্ৰথম পুত্ৰ মনোৰ‌ঞ্জন দত্তৰ সাফল্যত ঢকুৱাখনাবাসী উৎফুল্লিত হৈ পৰিছে।

মেধাৱী ছাত্ৰ মনোৰ‌ঞ্জনৰ এই সন্মানৰ বাবে বিভিন্ন দল-সংগঠন, মাজ-জালভাৰী আৰু উজনি জালভাৰী গা‌ঁও পৰিচালনা সমিতি, প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকা‌শ মঞ্চ, ঢকুৱাখনীয়া গ্ৰুপে অভিনন্দন যাচে।