
মাৰ্ঘেৰিটাঃ ৰাজ্য চৰকাৰে মানুহৰ জীৱন সম্পত্তি সুৰক্ষা দিয়াৰ নামত ভেঙুচালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ যোৱা ২৪ ঘন্টাৰ ভিতৰত তিনিচুকীয়া জিলাৰ জাগুনত এগৰাকী ৫০ বছৰীয়া মহিলাৰ লগতে নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰিৰ আন এগৰাকী মহিলাৰ মৃত্যু হয়৷
চৰকাৰে হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ ফলত প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণ গৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷
তাৰ মাজতে, মঙলবাৰে নিশা প্ৰায় ১১ বজাত মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাৰ ১১নং লাইনৰ এগৰাকী ৬০বছৰীয়া মহিলাক ঘৰৰ ভিতৰত আক্ৰমণ কৰে৷ মহিলাগৰাকীক চিকিৎসালয়লৈ নি থকা অৱস্থাত মৃত্যু হয়৷ মহিলাগৰাকীক নাৰাথন তাতীৰ পত্নী চামায় তাতী (৬০) বুলি জনা গৈছে৷
ইতিমধ্যে পৰিয়ালৰ লোকে মৃতদেহটো চমজি লয়৷ আনহাতে, দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আহোম পথাৰ গাঁৱত নিশা বনৰীয়া হাতীৰ আক্ৰমণত ৰুপা চেতিয়া নামৰ আন এগৰাকী ৫০ বছৰীয়া মহিলাৰ মৃত্যু হয়৷