প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ডায়েলাইচিচ আঁচনি উন্মোচন মন্ত্ৰী পীয়ুয হাজৰিকাৰ

জিতুমনি নাথ, মৰিগাঁওঃ ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয়তো শনিবাৰে আৰম্ভ কৰা হয় বৃক্ক ৰোগীসকলৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা। 

মৰিগাঁও অসামৰিক চিকিৎসালয়ত বৃক্ক ৰোগীসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বিনামূলীয়া ডায়েলাইচিছ আঁচনিখনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুয হাজৰিকাই।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, এন আৰ এইমৰ কাৰ্যবাহী সঞ্চালক ডাঃ এ কে বৈশ্য, মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে আদি কৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। উদ্ধোধনী ভাষণত মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব দেশৰ সাধাৰণ মানুহৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ ভিতৰত এই আঁচনিখনো এখন অন্যতম আঁচনি। 

ইয়াৰ জৰিয়তে সাধাৰণ শ্ৰেণী নাগৰিক সকল বাৰুকৈয়ে উপকৃত হ’ব বুলি আশা কৰি মন্ত্ৰী হাজৰিকাই কয় এতিয়াৰপৰা দৈনিক ২০ জন ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলাইচিচ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।