মৰিয়নীৰ এখন পঞ্চায়তত সংঘটিত হৈছে পৰ্বতোসম দুৰ্নীতি

সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নীৰ ৬০ নং বাগিছা পঞ্চায়তত পঞ্চায়ত সভাপতিয়ে চলোৱা ভয়াৱহ লুণ্ঠনৰ ছবিখন শেহতীয়াভাৱে পোহৰলৈ আহিছে এগৰাকী আৰ টি আই কৰ্মীৰ অনুসন্ধানত। বিগত সময়ছোৱাত পঞ্চায়তখনৰ ভুৱা জব কাৰ্ড, আই এ ৱাই গৃহ নিৰ্মানৰ আঁচনিকে ধৰি উন্নয়নমূলক প্ৰতিখন আঁচনিৰ ধন আত্মসাৎ কৰাৰ বাবে উন্নয়নৰ তিলমানো পোহৰ নপৰিল বাগিছা পঞ্চায়তখনত। 

বিভিন্ন ভুৱা আঁচনি ৰূপায়ন হোৱা দেখুৱাই পঞ্চায়ত প্ৰতিনিধিয়ে লুটিল চৰকাৰী ধন। মৰিয়নীৰ অৰূপ বৰা নামৰ ব্যক্তিজনে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে দুৰ্নীতিৰ তথ্য ফাদিল কৰাৰ পিচতে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তিতাবৰ মহকুমাধিপতিক অভিযোগ দাখিল কৰিছে।

পঞ্চায়তখনৰ তদান্তনীন সভাপতি ক্ৰমে জীতেন চাওৰা, সভানেত্ৰী ৰত্নাৱলী তাঁতীৰ বিৰুদ্ধে পঞ্চায়তখনত ৰাইজৰ বাবে আবন্টিত ধনৰ সৰহ ভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।